সমললৈ যাওক

পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
ভাৰতীয়ৰ স্বৰাজ আৰু অসমীয়াৰ স্বৰাজ


মুক্ত হোৱাটো অসম্ভৱ কাৰণেই একগোট বান্ধি চলিব লগীয়া হৈছে। অকলে অকলে কৰিব পাৰিলে সকলো প্ৰদেশেই নিজ নিজ সুকীয়া পন্থাৰে নিশ্চয় কৰিলেহেঁতেন। কোনোৱেই কাৰো মুখাপেক্ষী নহ’ল- হেঁতেন।

  আনফালে আকৌ, ব্ৰহ্মদেশ যদিও কোনো কালেই ভাৰতবৰ্ষৰ অঙ্গ নহয় আৰু নাছিলো, আৰু ভাৰতৰ লগত ব্ৰহ্মদেশৰ ধৰ্ম্ম-সমাজ-জাতি- গত সম্বন্ধও একো নাই, তথাপি, ভাৰতৰ দৰে সমানে একে বৃটিছ শক্তিৰ অধীনতাত পৰি থকা বাবে ভাৰতীয় কংগ্ৰেছৰ লগত যোগ দি একযোগে স্বাধীনতা লাভৰ চেষ্টা কৰিছে। ব্ৰহ্মদেশ স্বাধীন থাকিলে শ্যাম আদি দেশৰ দৰে কেতিয়াও ভাৰতীয়ৰ লগত কংগ্ৰেছ-অনুষ্ঠানত আহি সি যোগ নিদিলেহেঁতেন।

  তথাপি, এই পৰাধীনতাৰ ভিতৰতো ভাৰতৰ প্ৰাদেশিক বৈশিষ্ট্য- বিলাকক মূৰ দাঙি উঠাৰ প্ৰমাণ আমি পাওঁ। এই বৰ্ত্তমান চলি থকা সংস্কৃত শাসনৰ কিস্তিটো আনিবলৈকে প্ৰত্যেক প্ৰদেশৰ পৰা নিজা নিজা লোক বিলাতলৈ গৈহে নিজৰ নিজৰ যোগ্যতা প্ৰমাণ কৰিবলৈকে ওকালতি কৰিব লগীয়া হৈছিল। আমাৰ অসমৰপৰাও নিজৰ লোক নগ'লে অসমে হয়তো শাসন-সংস্কাৰৰ এই ভাগখিনি নাপালেইহেঁতেন, আৰু বৃটিছ চৰকাৰৰ প্ৰতিশ্ৰুতিতে, এই আহিব ধৰা শাসনৰ নতুন দফাটোৰ লাভৰ বাবে ভাৰতত আন্দোলন হোৱাৰ পোন প্ৰথমতে বঙ্গ, মাদ্ৰাজ আৰু বোম্বায়েহে নিজ নিজ প্ৰদেশত প্ৰাদে- শিক স্বায়ত্বশাসন পাবৰ লায়েক হৈছে বুলি দাবী কৰিছিল।

  আৰু এই বাবেই, মহাত্মা গান্ধীৰ কাৰাবাসৰ সময়ত অসহযোগ আন্দোলন হালুক হোৱাত, যেতিয়া দেশবন্ধু চিত্তৰঞ্জন দাসৰ স্বৰাজ্য-দল