পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৯০ শ্ৰীঅম্বিকাগিৰী ৰায়চৌধাৰী

বিলাকৰ বৈশিষ্ট্যবিলাক মূৰ দাঙি উঠিব খুজিলেই ভাৰতৰ সামগ্ৰিক স্বাৰ্থৰ কিবা ক্ষতি হ’ব বুলি দোহাই দি নিতাল মৰাই থোৱা হৈছে। কাৰণ, স্বাধীনতা আজি কোনো প্ৰদেশৰেই নাই। গতিকে, সকলোৱে একে সমানে অধীনতাত পৰি থকা বৰ্ত্তমান অৱস্থাত কাৰ কি বিশিষ্টতা কোনে অকলে ৰক্ষা কৰিব পাৰিব, যদি প্ৰদেশবিলাকৰ পাৰম্পৰিক সহযোগ নাথাকে। এই ভাবৰপৰাহে বৰ্ত্তমানত প্ৰদেশবিলাক সক- লোৰে এক ভাৰতীয় স্বাৰ্থত লগ লাগি কাম কৰিব লগীয়া হৈছে। কিন্তু যেতিয়া ভাৰতত স্বাধীনতা প্ৰতিষ্ঠিত হ'ব, তেতিয়া এই প্ৰাদেশিক বৈশিষ্ট্যবিলাক নিজ নিজ মূৰ্ত্তি লৈ নিশ্চয় মূ্ৰ দাঙি উঠিব। এইটো ভৱিষ্যৎ-বাণী আমি এতিয়াই কৰি থ'লো। কাৰণ, প্ৰত্যেক প্ৰদেশৰে একোটা সম্মানজনক প্ৰাচীন ঐতিহ্য আছে, আৰু তাক কোনেও পাহৰিব নোৱাৰে।

  স্বাধীন নেপাল আৰু স্বাধীন ভোট দুয়োটা ভাৰতৰ বিশিষ্ট জাতি আৰু তেওঁলোকৰ দেশো বেলেগ বেলেগ। এই দেশ দুখনো যদি ভাৰ- তৰ আন আন প্ৰদেশবিলাকৰ দৰে সমানে বৃটিছৰ তলতীয়া হৈ থাকিল- হেঁতেন, তেন্তে এই দুটা জাতিও নিজ নিজ দেশৰ জাতীয় স্বাধীনতা উদ্ধাৰৰ হকে ভাৰতৰ আন প্ৰদেশবিলাকৰ লগত গোট বান্ধিলেহেঁতেন। কিন্তু, এই দেশ দুখন যদিও বিৰাট ভাৰতবৰ্ষৰ অংশ, তথাপি স্বাধীন হৈ থকাৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগ দিয়া নাই-ভাৰতৰ আনবিলাক প্ৰদেশ বা দেশৰ গতি কি হৈছে নহৈছে, সেইফালে কাণ-মন নিদি নিজে নিজে স্বাধীনভাৱে আত্ম-নিয়ন্ত্ৰণ কৰাত ব্যস্ত আছে। সকলো প্ৰদেশ পাৰস্পৰিক সহযোগ লৈ নচলি অকলে, অকলে চলিলে সমগ্ৰ ভাৰততে সমানে পৰিব্যাপ্ত অধীনতাৰ শৃঙ্খল ছিঙি