পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভাৰতয়ীৰ স্বৰাজ আৰু অসমীয়াৰ স্বৰাজ

গতিতো এই সকলো প্ৰদেশে যদিও সমগ্ৰ ভাৰতৰ সাধাৰণ স্বাৰ্থৰ হকে যুটীয়াভাৱে কাম কৰিছে, তথাপি কোনোৱে কাৰো নিজস্বৰ ওপৰত আন কাৰো অধিকাৰ বৰ্ত্তাবলৈ এৰি দি নিজুৰ অস্তিত্বত হানিব অভিশাপ সামৰি ল'ব নোখজেে। প্ৰত্যেকে ভাৰতত নিজ নিজ প্ৰাধান্য স্থাপন কৰা বিষয়ত সচেষ্ট আৰু তৎপৰ। তাৰ আচল কাৰণটো এই --

  ভাৰতবৰ্ষ এখন দেশ নহয়, মহাদেশ, কেইবাখনো দেশৰ সমষ্টি। নিজ নিজ দেশৰ ভাষা-সংস্কৃতি আৰু সমাজ-বন্ধনৰ নিয়ম-প্ৰণালী অনুসাৰে প্ৰত্যেকে একোটা সুকীয়া জাতি,—আৰু এই জাতি-সমূহৰ সন্মিলনত গঢ়লৈ উঠিছে ভাৰতীয় মহাজাতি। গতিকে ভাৰতবৰ্ষখন ভাৰতীয় মহাজাতিৰ মহাদেশ। দেশ বা প্ৰদেশবিলাকৰ জনসমূহ ঘাইকৈ একধৰ্ম্মী হ’লেও, প্ৰত্যেকৰে চলন-ফুৰণ, পিন্ধন-উৰণ, খাৱন- দাৱন, সামাজিক ৰীতি-নীতি, চৰিত্ৰৰ বিশিষ্টতা আছে। চিন্তাৰ ধাৰাও সুকীয়া সুকীয়া,--সাহিত্য, সংস্কৃতি আৰু সামাজিক বন্ধনৰ এৱেস্থাও বেলেগ বেলেগ। সেই বৈশিষ্ট্যবোৰ কোনোৱে কাৰো বুকত মাৰ নিয়াই চনি-ছাব নোহোৱাকৈ উছন হৈ যাবলৈ দিব নোখোজে, ভাৰতত নিজ নিজ প্ৰাধান্য প্ৰতিষ্ঠাপন কৰিবলৈ সকলোৱেই ব্যস্ত, বঙালীয়ে নহয় মই,—মাৰাঠীয়ে নহয় মই,—পঞ্জাবীয়ে নহয় মই—বিহা- ৰীয়ে নহয় মই,--যুক্ত-প্ৰদেশীয়ে নহয় মই,-মাদ্ৰাজীয়ে নহয় মই বুলি।

  আজি সমগ্ৰ ভাৰত সমানে একেটি মাত্ৰ বিদেশী প্ৰৱল শক্তিৰ অধীনতাত পৰি সমব্যথা ভুক্তভোগী হৈ থকাৰ কাৰণেহে সকলো প্ৰদেশে একেটা ভাৰতীয় স্বাৰ্থত বান্ধ খাই একযোগে ভাৰতৰ স্বাধীনতাৰ উদ্দেশ্যে চেষ্টা কৰিব লগীয়াত পৰিছে; আৰু কেতিয়াবা প্ৰাদেশিক জাতি