পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বৰবৰুৱাৰ ভাবব বুৰ্বুৰণি

জয়াকব, জিন্না, মুঞ্জে, প্ৰভৃতি মেলুৰাইসকলে মেল মাৰিব লাগিছে। আমাৰ দেশৰ শ্ৰীযুত চন্দ্ৰধৰ বৰুৱাকো তাত দেখিলোঁ। বেচেৰাৰ গা ভাল নহয় হ’বলা, জাবতে কেঁকাই আছে। মেলুৱাইসকলৰ সৰ্দ্দাব হৈছে কোনোৱা সত্ৰৰ অধিকাব গোঁসাই এজন—নান আগাখাঁ ভাৰতব পশ্চিম ফালে হেনো তেওঁৰ সত্ৰ আৰু শিচ আছে; দক্ষিণ আফ্ৰিকাতো। আৰু শুনিলোঁ গোসাঁইজনক শিচবোৰ সাক্ষাত ঈশ্বৰৰ অৱতাৰ ভাবি মান কবে। অনি কি শুনিছো হেনো, অৱশ্যে সঁঢ়া-মিছা ক'ব নোৱাবোঁ, তেওঁৰ গা ধোৱা পানীকো আমাৰ গঙ্গাজলৰ দৰে চিচাত ভৰাই থৈ সেৱকসকলৰ মাজত বিলোৱা হয়, আৰু সেৱকসকলে সেই জল পৱিত্ৰ বস্তু বুলি কিনিও আনে। তেওঁৰ বৰণটো দেখিবলৈ যুবোপীয়ৰ দৰে বগা নহয়; কিন্তু সাজে-পাবে কথাই-বাৰ্ত্তায়ে তেওঁ ছাহাববো আও ছাহাব। আন কি, তেওঁব বদন-কমল বিলাতী মানুহৰহে বৰ চিনাকি, যদিও ভাবতীয় মানুহৰ পক্ষে তেনে নহয়। তেওঁ ঘোঁৰা-দৌব খেলব ওজা। আৰু হেনো বিলাতী মেম বিয়া কৰি সেইজনাক গোসানী পাতি লৈছে। সেই গোসানীব গা ধোৱা জল নাইবা পাদোদক নাৈষ্ঠক শিষ্যসকলে পান কৰেনে নকৰে, অৱশ্যে নাজানো। এজেন গোসাঁই ছাহাব ভাবতীয় মেলুৱৈৰ মূব হৈ সেই মেলত বহিছে।

 মই ক'লো— “বেছ কৰিছে। গোসাঁই ঈশ্বৰ প্ৰভুসকলৰ কথাই সুকীয়া। তেওঁলোক স্বৰ্গতো যেনে গোসাঁই, মৰ্ত্ত্যতো তেনে। প্ৰভু জগন্নাথ সকলো ইচ্ছাময়। তেওঁলোকৰ ইচ্ছাতে জগতখন চলিছে।' তাৰ পিছত "আৰু কি আছে, ক" বুলি তাক সোধাত সি কলে— "তাব পিছৰ ডোখৰব কথা কেনেকৈ ক'ন? আপুনি মোক দেখোন গিবিপ্– দাৰ কৰি আনিলেই । তথাপি এটা কথাত মোৰ মনত খেলাইছে