পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভাৰতীয়ৰ স্বৰাজ আৰু অসমীয়াৰ স্বৰাজ ৮৫

অঞ্চল বা প্ৰদেশৰ লগত যুঁজি আহিছে, -কোনো প্ৰদেশে কোনোখন প্ৰদেশৰ বৈশিষ্ট্যৰ ওপৰত অধিকাৰ বহুৱাবলৈকে এৰি দিয়া নাই। যদি কালৰ ফেৰত সাময়িক ভাৱে কেতিয়াবা এখন প্ৰদেশ আন এখন প্ৰদেশৰ অধীন হোৱাৰ কথা ইতিহাসত দেখা গৈছেও, তথাপি সেই অধীনতা ওফৰাই পেলাই দি নিজস্ব স্বতন্ত্ৰতা ৰক্ষাৰ বাবে প্ৰত্যেক প্ৰদেশে পুৰণি কালৰেপৰা চেষ্টা কৰি অহাৰ কথাও জীৱন্ত হৈ ইতিহাস আছে।

  প্ৰাদেশিক স্বতন্ত্ৰতা আৰু তাৰ জাতীয়তা গঠনৰ এই এটা স্বাভা- ৱিক বিধান। এই বিধানৰ বিপক্ষে চলি ভাৰত কেন্দ্ৰীভূত কোনো শক্তিয়েই আজিলৈকে সফলকাম হোৱা বুলি জনা নাই। নহ’লে, বঙ্গ আজি বঙ্গ নেথাকি মাৰাঠী বা কামৰূপী হৈ গ'লহেঁতেন;- আৰু আজিও, যদিও ভাৰতৰ সকলো প্ৰদেশেই সমগ্ৰ ভাৰতৰ স্বাধী- নতা লাভৰ হকে কংগ্ৰেছ অনুষ্ঠানৰ অধীনতাত একগোট বান্ধি একেটা মূল নীতি লৈ কাম কৰিছে, তথাপি, প্ৰত্যেকখন প্ৰদেশে নিজ নিজ উচচতা আৰু যোগ্যতাৰ নিদৰ্শনবোৰ তুলি ধৰি নিজ নিজ বৈশিষ্টৰ মাহাত্ম্য বঢ়াবলৈকে যৎপৰনাোস্তি যত্ন কৰাও দেখা গৈছে। আৰু, মূলত একধৰ্ম্মী আৰু একভাষী হ’লেও, স্থিতিৰ স্থায়িত্ব পোৱা ঠাইৰ উনৈশ-বিশ অনুসাৰে ৰাজনৈতিক স্বাৰ্থত আৰু জাতীয়তাত একেটা স্বাৰ্থসম্পন্ন হ’ব পৰা নাই,—পুৰণিকালতো আৰু আজিৰ কালতো ৷ পুৰণি যুগত সেই বাবেই, ভাৰতীয়, গ্ৰীক, বোমান, পাৰ্ছী আদি একেটা গোষ্ৰীব সন্তান হৈও, জাতীয়তাত, ভাষাত আৰু ৰাজনৈতিক স্বাৰ্থত একেটা হ'ব নোৱাৰিলে,—ঠায়ে ঠায়ে স্থিতৰ স্থায়িত্ব পাই বেলেগ বেলেগ হ’ল—চীন, জাপান, তিব্বত, ব্ৰহ্ম, শ্যাম, কোৰিয়া, মাঞ্চুৰিয়া আদি, মূলতঃ একে গছৰ হৈও, প্ৰাকৃতিক বিধানানুসৰি, ভিন্ ভিন্