পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
৮৪
শ্ৰীঅম্বিকাগিৰী ৰায়চৌধাৰী

ভাৰতক এক ভাষাভাষীৰ সাঁচত বহুৱাই জাতীয় ভিত্তিত গঢ়ি তুলিব নোৱাৰিছিল। অৱশ্যে, সকলো ঠাইতে আৰ্য্য়-মূলৰ বিস্তৃতিৰ লগে লগে হিন্দু ধৰ্ম্ম আৰু সভ্যতাৰেও বিস্তৃতি ঘটিছিল সঁচা। কিন্তু, হিন্দুৰ সাধাৰণ ধৰ্ম্ম আৰু সভ্যতাৰ বাহিৰেও, সেই সকলোবিলাক ঠাইতে স্থানীয় পৰিৱেষ্টনৰ উনৈশ-বিশ অনুসাৰে ভিন্ ভিন্ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, নিয়ম-কাৰণ, ভাষা-সাহিত্য ইত্যাদিৰ স্বাভাৱিক স্ফুৰণৰ সহযোগ লৈ স্থানীয় সামাজিক স্বাৰ্থ আৰু ভাষা সাংস্কৃতিক কেন্দ্ৰ কৰি যি নতুন, অথচ, সেই সেই ঠাইৰ ওপৰ-তলক একোটা কৰি সী লৈ পাতালভেদী শিপা গাৰি যি দৃঢ়মূল গছ একোজোপা গজি উঠিল, — অন্তঃসলিলা ফল্গুৰ দৰে সমগ্ৰ ভাৰতৰ লগত সাংস্কৃতিক সংযোগ ৰক্ষা কৰিও, ঠায়ে ঠায়ে বিশিষ্ট ৰস-পানীৰ সেৱা-শুশ্ৰূষা লৈ স্বাধীনভাৱে যি এটা বস্তু পূৰঠ হৈ গঢ়ি উঠিল, সেইটো হৈছে,— ভাৰতৰ অঞ্চলে অঞ্চলে ভিন্‌ ভিন্‌ আঞ্চলিক বা প্ৰাদেশিক জীৱন,— আৰু সেই জীৱন ৰক্ষণৰ হকে ৰাজশক্তিবিলাকৰ শাসন সংগঠন,— আৰু সেইবিলাকে আত্ম-ৰক্ষাৰ হকে মূল-শক্তিৰ বিৰুদ্ধেও যুঁজি অহা ঐতিহাসিক নিদৰ্শন।

  তাৰ পাছত, মুছলমান ৰাজ-শক্তিৰ মোছলেম সভ্যতাৰ দ্বাৰা সম ভাৰতক একধৰ্ম্মী, এক ভাষাভাষী আৰু এক আচাৰ-নীতি-সম্পন্ন কৰি তোলাৰ বুকু-ভঙা চেষ্টাও ব্যৰ্থ হ’ল,—একেটা কৰিব নোৱাৰিলে, ধৰ্ম্মৰ গুটি সিঁচি দিলেও, প্ৰদেশবিলাকৰ নিজস্বসত্তা হৰণ কৰিব নোৱাৰিলে। এই বাবেই, সমগ্ৰ ভাৰত ধৰ্ম্মত এক হ’লে পুৰণি কালৰেপৰ৷ আজিলৈকে নিজ নিজ স্বাতন্ত্ৰ্য আৰু বৈশিষ্ট ৰক্ষাৰ হকে এখন অঞ্চল বা প্ৰদেশে আৱ শ্যকতা বুজি আন এ