পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভাৰতীয়ৰ স্বৰাজ আৰু অসমীয়াৰ স্বৰাজ

এই বিষয়টো আলোচনা কৰাৰ আগতে স্বতঃসিদ্ধভাৱে সংজ্ঞা এটা ধৰি ল'ব লাগিব যে, অতি প্ৰাচীন কালৰপৰাই ভাৰতবৰ্ষ ধৰ্ম্মত এক থাকিলেও ভাষাত আৰু জাতীয়তাত এক নাছিল। অৱশ্যে আজিৰ দিনত জাতীয়তাটো যি ভেটিত তুলি থিয় কৰি লৈ বিচাৰ কৰা হয়, তেতিয়া সেই ভেটিটো নাছিল। তেতিয়া সেইটো আছিল গোষ্ঠীগত বিচাৰ,আৰ্য, অনাৰ্য (দ্ৰাবিড়, ভীল, কোল, মঙ্গোলীয় ইত্যাদি লৈ বিচাৰ। কিন্তু হ’লেও, ভাৰতৰ সভ্যতা ঘাইকৈ আৰ্য্য- মূলক হৈও, বিস্তাৰৰ লগে লগে, স্থানীয় মূল অধিবাসীৰ লগত সনা- পোতকা হৈ, প্ৰাকৃতিক পৰিৱেষ্টনত পৰি একোটা ভৌগোলিক সীমাৰ আঁক কাটি, ভিন্ ভিন্ আচাৰ-নীতি, চিন্তা-ধাৰা, জীৱিকা- নিৰ্ব্বাহৰ প্ৰণালী, আইন-ব্যৱস্থা, ভাষা-সাহিত্য সৃষ্টিৰে পৰিবৃত হৈ ঠায়ে ঠায়ে একোটা বিশেষত্ব লৈ ভিন্ ভিন্ ৰাষ্ট্ৰীয়-শক্তি গঢ় লৈ উঠিল৷ সমগ্ৰ ভাৰতত একে ধৰণৰ শাসন-পদ্ধতি ৰীতি-নীতি প্ৰতিষ্ঠিত নহ'ল। সেই বাবেই, পুৰণি কালত যুধিষ্ঠিৰ আদি ৰজাসকলে ভাৰতৰ একচ্ছত্ৰাধিপতি হ’বলৈকে সমগ্ৰ ভাৰত ঘূৰি ঘূৰি একধৰ্ম্মী ৰাজ-শক্তি আৰু জাতিবিলাককো সমবাহ্বান কৰি অশ্বমেধ-যজ্ঞ সমাপন কৰিব লগীয়া হৈছিল আৰু তাৰ পাছৰ কালডোখৰতো বৌদ্ধ-যুগত অশোক কনিষ্ক আদি সম্ৰাটসকলে সাম্যময় বৌদ্ধ-ধৰ্ম্মৰ উদাৰ চাব পাৰিও, প্ৰদেশবিলাকৰ আৰু প্ৰাদেশিক জাতিবিলাকৰ বৈশিষ্ট্যবিলাক মচি সমগ্ৰ