পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৯
আঁকোৱালি লোৱা সাংস্কৃতিক অভিমান


সমষ্টিৰেই অসমীয়াৰ সাংস্কৃতিক পাত্ৰ। অসমীয়াৰ মনোবৃত্তিৰপৰা আত্ম-বিস্মৃতিৰ হীনতা গুচি গ'লেই তাৰ সংস্কৃতিয়ে পুনৰ নিজস্ব আত্মাভিমানী তেজেৰে অপূৰ্ব্ব মাধুৰী লৈ তাক দেখা দিব, নিজস্ব সৌন্দৰ্য্যৰ গৌৰৱ-সম্ভাৰেৰে বিশ্বাভিমুখী গতিত উলাহেৰে খোজ ল’ব।

 অৱশ্যে, পৃথিৱীত বহুবিলাক সাংস্কৃতিক ৰূপ-ৰেখা ঠায়ে ঠায়ে ইয়াৰ আগতে কালৰ অতল গৰ্ভত বিলীন হৈ নিশিচহ্ন হৈ গৈছে, আৰু তাৰ ওপৰত আন সাংস্কৃতিক আধিপত্যই সেই সেই ঠাইৰ খিলঞ্জীয়া লোক-সমষ্টিৰো নিজস্ব ৰূপ সলাই থৈছে। তাৰ কাৰণ, সেইবিলাক সংস্কৃতিৰ ডিম্বকোষে বিশ্ব-মানৱীয়তাৰ উমনি পাই ফুকাই ওলোৱা নাছিল কাৰণে আন ফালৰ সংস্কৃতিক আঁকোৱালি লৈ নিজ সাংস্কৃতিক বিৰাট ৰূপত মহীয়ান আৰু জাতিষ্কাৰ কৰি লোৱা শক্তিশালী পাক- স্থলীও লাভ কৰিব পৰা নাছিল। সেইবাবে, সেইবোৰ সংস্কৃতিয়ে নিজৰ ঘৰত আহি উপস্থিত হোৱা বাহিৰৰ সংস্কৃতিক হজম কৰি নিজে শকত-আৱত হৈ উঠাৰ পৰিৱৰ্ত্তে আনব সংস্কৃতিৰ শক্তিশালী পাকস্থলীত পৰি নিজেই জীৰ্ণ হৈ আত্ম-বিলোপ কৰিলে।

 কিন্তু অসমীয়াব (কামৰূপীয়ব) সাংস্কৃতিক জীৱনটো তেনে বিশ্ব- মানৱীয়তা-বৰ্জ্জিত উকা বস্তু নহয়। গতিকে, তাৰ আত্ম-বিলোপৰ কথাও নুঠে। অসমীয়াৰ সংস্কৃতিটো আৱহমান কালৰপৰা, তাৰ ঘৰত সোমোৱা নানা ফালৰপৰা সংস্কৃতিবোৰক তাৰ শক্তিশালী পাকস্থলীত জীৰ্ণ কৰি লৈ নিজস্ব বৈশিষ্ট্যেৰে ভৰ-পূৰ হৈ উঠা বিশ্বমানৱীয় সংস্কৃতি। ই সেই প্ৰাগৈতিহাসিক যুগৰপৰাই, তাৰ নিজ ঘৰলৈ অহা বাহিৰৰ সকলোবিলাক সংস্কৃতিকে আঁকোৱালি লৈ তাৰ নিজস্ব ৰূপটো বিশ্ব- জনীন কৰি সি বঁচাই তুলি লৈ আহিছে। তাৰ নিজৰ ঘৰত আন