পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৮
শ্ৰীঅম্বিকাগিৰী ৰায়চৌধাৰী


আৰু পৃথিৱীৰ পিঠিখনত ইঠাই-সিঠাইৰ মানুহৰ ভিতৰত যাতায়াতৰ মাজেদি পাৰস্পৰিক আদান-প্ৰদানৰ সংমিশ্ৰণ আৰু সনাসনি ঘটিলেও, ভৌগোলিক অৱস্থান আৰু বতাহ-পানী-আলোক আকাশৰ তাৰতম্যানু- সাৰে মানৱীয় সংস্কৃতিৰ সমগ্ৰতাৰ লগত যোগসূত্ৰ ৰক্ষা কৰি, ঠায়ে ঠায়ে একোটা বিশিষ্ট সাংস্কৃতিক জীৱনৰ উদ্ভৱ হ’ল বুলি আগতে কৈ অহা হৈছে। এইটো প্ৰাকৃতিক নিয়ম। মানুহ এজনৰ গোটেইটো দেহৰ সমন্বয়-সামঞ্জস্য ৰক্ষা কৰিও, হাত, ভৰি, নাক, চকু, কাণ আদি প্ৰত্যেকে একোটা নিজস্ব স্বাধীনতা উপভোগ কৰে। যদি হাতৰ স্বাধীনতাই ভৰিৰ, নাইবা চকুব স্বাধীনতাই নাকৰ স্বাধীনতাৰ ওপৰত হস্তক্ষেপ কৰি হেঁচি ধৰে, তেন্তে দেহডুখৰিৰ সমগ্ৰতাৰ অৱয়ৱতো হেঁচা পৰি সি কেনে ৰূপ ধৰিব পাৰে সেইটো সহজতে উপলব্ধি কৰিব পাৰি।

 অসমীয়াৰ পৰ্ব্বত-ভৈয়ামৰ সমষ্টিগত সংস্কৃতিও বিশাল ভাৰতীয় বা মহা-মানৱীয় সংস্কৃতিৰ যোগ-সূত্ৰ আৰু সমন্বয় ৰক্ষা কৰি প্ৰাকৃতিক গঠনৰ প্ৰণালীৰে সৃষ্ট হোৱা এটা বিশিষ্ট বস্তু। নানা সময়ত নানা ফালৰ নৰ-সঙ্ঘৰ সংমিশ্ৰণ আৰু আদান-প্ৰদান-জাত সনাসনি আৰু সমন্বয়ৰ ভিতৰেদি খিলঞ্জীয়া লোক-সমষ্টিৰ উদাৰ ভিত্তিত বিশিষ্ট ৰূপ- প্ৰাপ্তিৰে ই পৰিস্ফুট হৈ উঠিছে। গতিকে, অসমীয়াৰ সাংস্কৃতিক ক্ষেত্ৰত বিশ্ব-মানৱীয়তাৰ ধাৰা প্ৰৱাহিত হৈ আছে বাবে, ই বিশ্বজনীন যোগ-সূত্ৰৰপৰা বিচ্ছিন্ন নহয়। সেইবাবেই, অসমীয়াৰ সাংস্কৃতিক আত্মচেতনাৰ সচ্ছল সজীৱতাও আছে; আৰ সেই বাবে তাৰ অভি মানো আছে, যদিও কালৰ কুটিলতাত পৰি তাৰ পাত্ৰটোত আত্ন- বিস্মৃতিৰ মলিনতা জমা বাবে সি আলোক বিকীৰ্ণ কবিবলৈ অক্ষম হৈ সাময়িকভাৱে তন্দ্ৰাচ্ছন্ন হৈ পৰি আছে। পৰ্ব্বত-ভৈয়ামৰ লোক-