পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৭৬ শ্ৰীঅম্বিকাগিৰী ৰায়চৌধাৰী

ব্যৱহাৰ, গীত-নৃত্য-বাদ্য, ভাস্কৰ্য্য, স্থপতি, চিত্ৰকলা, শ্ৰমশিল্প আদি সকলোতে কলা-সৌন্দৰ্যৰ ৰেখাপাত কৰি নিজস্ব ভঙ্গিমাৰে আত্ম- প্ৰকাশৰ সীমাহীন বাটত আগ বাঢ়ে। এয়ে সজীৱ বিশিষ্ঠ জন-সমষ্টিৰ সতেজ সংস্কৃতি।

  এই বিশিষ্ঠ লোক-সমষ্টিৰ সাহিত্য, বিজ্ঞান, দৰ্শন, অৰ্থনীতি, ৰাজনীতি, সমাজনীতি আদি সকলো মানৱীয় সম্পদে, সেই ঠাইৰ সেই বিশিষ্ট সৰস সজীৱ সংস্কৃতিটোক কেন্দ্ৰ কৰিয়েই বিচিত্ৰ ৰূপেৰে জাতিস্কাৰ হৈ বিশ্বভিগামী অভিযান চলায়। য'ত জন-সমষ্টিৰ আত্ম-নিঃসৃত এই সম্পদবোৰে, নিজস্ব সাংস্কৃতিক সৌন্দৰ্যবোধৰপৰা পিছলি পৰি আত্ম-বিকাশৰ আকাঙ্ক্ষা কৰিছে, তাতেই প্ৰচণ্ড বিফলতাই তাক স্তব্ধ কৰি থৈ তাৰ গতি থমাই দিছে, আগুৱাব দিয়া নাই। আজিৰ আসমীয়াৰ অৱস্থাটোলৈ লক্ষ্য কৰিলেই, কথাটোত প্ৰত্যক্ষ সত্য উজ্জ্বল হৈ উঠে।

  অসমীয়াৰ আজি আত্ম-বিস্মৃতি ঘটিছে! তাৰ নিজস্ব সাংস্কৃতিক অভিমান সি পাহৰি পেলাইছে। কেন্দ্ৰচ্যুত হৈ সি নিজস্ব সাংস্কৃতিক সৌন্দৰ্য্য আজি দেখা নোপোৱা হৈছে। নিজস্ব সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা হেৰুৱাই, অপৰিচিত হাৱা-পানীৰ আপডালত লালিত-পালিত হৈ অচিনাকি ৰূপেৰে ওলাই অহা আনৰ সংস্কৃতৰব মোহত পৰি, আনৰ সাংস্কৃতিক ৰহণ গালে-মুখে সানি, তাৰ নিজৰ সাংস্কৃতিক মজয়াত এটা কিম্ভুতকিমাকাৰ অপদাৰ্থ হৈ থিয় দি সি দেখা দিছে। সেইবাবে, বিধ্বংসী ধুমুহাত তাৰ জাতীয় সাংস্কৃতিক জীৱন আজি বিপন্ন। অসমীয়াৰ সামাজিক জীৱনত নিজস্ব সাংস্কৃতিক সৌন্দৰ্য আজি ফুটি নোলোৱা হ’ল; আৰু সেইবাবেই, বাহিৰৰ আনবিলাকে, দেশত আজি