পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আঁকোৱালি লোৱা সাংস্কৃতিক অভিমান ৭৫

পাৰস্পৰিক স্বাৰ্থ-সংঘাতী মনোৰাজ্যত শান্তি-প্ৰয়াসী পৰিৱৰ্ত্তন আৰু পৰিপুষ্টিৰ আকাঙক্ষাই দেখা দিয়াৰ লগে লগে তাত এটা সামাজিক জীৱনৰ উদ্ভৱ হ'ল,—তাৰ পাছত, তাৰ শান্তি-শৃঙ্খলাপূৰ্ণ অৱস্থিতিৰ হকে, আত্মিক সৌন্দৰ্য্যবোধৰ পৰিতৃপ্তিত সংযোগ ৰক্ষা কৰি, যোগ- বিয়োগ, দিয়া-লোৱাৰ স্বাভাৱিক পদ্ধতিৰে তাত সংস্কাৰৰ আয়োজন চলিল;-তাৰ পাছত, সি সেই ঠাইডোখৰৰ গোটেইটো জন-সমষ্টিৰ ভিতৰতে সমানে পৰিব্যাপ্ত হৈ পৰিল। এইদৰে, যুগে যুগে আদান- প্ৰদানৰ কৰ্ম্মস্থলীত যোগ-বিয়োগ, পূৰণ-হৰণৰ ভিতৰেদি সংস্কৃতি হৈ হৈ শান্তি-শৃঙ্খলাৰ আনন্দক স্থায়িত্ব দি যি এটা সৌন্দৰ্য্যবোধৰ সমষ্টিগত সামাজিকতা গঢ়ি উঠলি, সেয়ে সেই ঠাইডোখৰৰ লোক সমষ্টিৰ সংস্কৃতি হ’ল। এই সংস্কৃতিটো, সেই বিশেষ ঠাইডোখৰৰ লোক সমষ্টিৰ আত্ম-সংশ্লিষ্ট নিজস্ব সম্পদ। তাৰ নিজৰ ঠাইডোখৰত এই সংস্কৃতিৰ হাত মানুহে সাৰিব নোৱাৰে। কাৰণ, সৈই ঠাইডোখৰৰ বিশিষ্ট পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱেৰেই বিশ্ব-মানৱীয়তাৰ আনন্দময় প্ৰতিবিম্ব বকুত লৈ সি ৰূপায়িত হৈ উঠিছে।

  এইদৰে, বিশিষ্ট সামাজিক জীৱনত সংস্কৃতিয়ে যেতিয়া এটা স্থিবতা পালে, তেতিয়া সি তাতেই সন্তুষ্ট নাথাকি, বিশ্বাত্মাৰ সৌন্দৰ্য্য লাভৰ হাবিলাস লৈ ক্ষিপ্ৰ-ব্যস্ততাৰে আত্ম-প্ৰকাশৰ বাবে আকুল হৈ উঠিল, আৰু সকলো ক্ষেত্ৰতে সৌন্দৰ্য্যৰ পোহৰত নিজক উপলব্ধি কৰিবলৈ বিচাৰিলে। আত্ম-প্ৰকাশক ৰূপায়িত কৰা এই আকুলতাটোৱেই সাংস্কৃতিক শিল্প-কলাৰ জন্মকোষ। এই আকুলতাটোৱেই, মানৱাত্মাত বিশ্বৰূপ প্ৰতিভাতী ইচ্ছাটোক স্থায়িত্ব দিবলৈকে সামাজিক ৰীতি-নীতি, চলন-ফুৰণ, ভঙ্গী-ভাষণ, খাৱন-দাৱন, উঠন-বহন, পিন্ধন-উৰণ, আচাৰ-