পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হাদিৰাচকীৰপৰা গণপৰিদলৈ ৭৩

নকৰিছিল। তেনে অৱস্থাত পৰিলে, প্ৰতিকাৰৰ কাৰণে অসমীয়াৰ মন- প্ৰাণ উদ্বিগ্ন হৈ উঠিছিল। নিজৰ জন্মভূমিক অসমীয়াই ‘সোণৰ সঁফুৰা' বুলি আখ্যা দিছিল। এই সোণৰ সঁফুৰাত ঘুণে বিন্ধিবলৈ নিদিয়াটোৱেই আছিল প্ৰত্যেক অসমবাসীৰ কৰ্তব্য আৰু ধৰ্ম্ম৷

  অধিপতি ৰামসিংহৰ সৈন্য হাজো অঞ্চলত বিয়পি পৰা দেখি সেনাপতি লাচিত বৰফুকনে সেই বিপুল শত্ৰু-সৈন্যৰ ফালে চাই কৈছিল- '‘মই ফুকনৰ দিনত এনে দশা হ’ল! মোৰ ৰজা ৰক্ষা হ’ব কেনেকৈ? ৰাজ ৰক্ষা হ’ব কেনেকৈ? পাছলৈ বা ৰক্ষা হ’ব কেনেকৈ?” লাচিতৰ এই বাণীয়েই হৈছে অসমীয়াৰ জাতীয়তাবাদৰ মূল মন্ত্ৰ। এই বাণীকে শিৰোধাৰ্য কৰি আজিৰ অসমীয়া স্বাধীনতাৰ পথত অগ্ৰসৰ হওক, এয়ে কামনা।

শ্ৰীসূৰ্য্যকুমাৰ ভূঞা