সমললৈ যাওক

পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
শ্ৰীসূৰ্য্যকুমাৰ ভূঞা


ব্ৰজনাথ কোৱঁৰে পূৰ্ণানন্দৰ মনোনীত কমলেশ্বৰসিংহ আৰু চন্দ্ৰকান্ত সিংহক সিংহাসনচ্যুত কৰি নিজে ৰজা হ’বলৈ মনস্থ কৰিছিল; সেই অৰ্থে মণিপুৰ, বঙ্গদেশ, বৰ্ম্মা, কাশী আৰু নেপালৰ পৰা সৈন্য আনিবলৈ চেষ্টা কৰিছিল। এনে কি, ১৮০৬ চনত গৌৰীনাথসিংহৰ বিধৱা আইকুঁৱৰী কমলেশ্বৰী দেৱীয়ে গবৰ্ণৰ-জেনেৰেললৈ এই মৰ্মে আৱেদনকৰিছিল,— "মোৰ স্বামী স্বৰ্গীয় গৌৰীনাথ সিংহ মহাৰাজে বৃটিছৰ সহায় ভিক্ষা কৰাত বৃটিছৰ এফৌজ কোম্পানী-সৈন্য গৈ শক্ৰক পৰাস্ত কৰি মোৰ স্বামীক অসমৰ সিংহাসনত সুপ্ৰতিষ্ঠিত কৰে। তাৰ ছমাহমানৰ মূৰত স্বৰ্গদেৰ মৃত্যু হয়। সেই সময়ত সিংহাসনৰ ন্যায্য অধিকাৰী আছিল মোৰ স্বামীৰ আপোন ককায়েকৰ নাতিয়েক ব্ৰজনাথ সিংহ গোহাঁই-দেৱতা। কিন্তু পূৰ্ণানন্দ বঢ়াগোহাঁয়ে তেওঁক ৰজা নাপাতি আন এজনা কোঁৱৰক সিংহাসনত বহুৱায়, আৰু নিজেই সকলো ৰাজক্ষমতাৰ অধিকাৰী হৈ শাসন পৰিচালনাৰ ভাৰ গ্ৰহণ কৰে।” কমলেশ্বৰী দেৱীয়ে বৃটিছৰ সৈন্য ভিক্ষা কৰি লিখিলে,-“মই এতিয়া ইচ্ছা কৰিছোঁ যে সৈন্য আৰু অস্ত্ৰৰ সহায়েৰে মই মোৰ নিজ দেশ পুনৰ দখল কৰোঁ।”

  কমলেশ্বৰী দেৱী আৰু ব্ৰজনাথ কোঁৱৰে পূৰ্ণানন্দক ক্ষমতা-চ্যুত কৰিব নোৱাৰিলে হয়, কিন্তু বদনচন্দ্ৰ বৰফুকনে সেই একে উদ্দেশ্যে বৃটিছৰ সহায় খুজিলে, তাত বিফলমনোৰথ হৈ মানদেশৰপৰা সৈন্য আনিলেগৈ, ইয়াৰ পৰিণাম কি হ’ল অসমীয়া মাত্ৰেই জানে। ৰাজদ্ৰোহী বুলি এই বদনচন্দ্ৰকো পাছলৈ হত্যা কৰা হয়।

  ওপৰত লিখা দৃষ্টান্ত-মালাৰপৰা সকলোৱে বুজিব যে আগৰ দিনৰ অসমীয়াই পৰাধীনতা আৰু অত্যাচাৰ-উৎপীড়নক নিৰ্ব্বিবাদে গ্ৰহণ