সমললৈ যাওক

পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি

"তাত কি দেখিলি ?"

এই প্ৰশ্নৰ উত্তৰত সি ঘূৰণীয়া মেজ মেলৰ কথা এৰি বিলাতৰ বৰ্ণনা দিবলৈ ওলাল। তাক কোনো পধ্যে ৰখাবই নোৱাৰোঁ। প্ৰথমতে সি ক'লে— “বিলাতৰ মানুহবোৰ বগা।" মই ক'লো- 'এইটো ন খবৰ। " তাৰ পাছত সি ক'লে,— “সিহঁতে খায়, শোৱে, আৰু আমাৰ নিচিনাকৈ দ্বন্দ-হাই কৰে। " মই ক'লোঁ— “এইটোও নতুন খৰব।”

‘মতাবোৰে ঠেঙা পিন্ধে, তিৰুতাবোৰে মেখেলা পিন্ধে; কিন্তু মেখেলা- খন আঁঠুলৈকে অথবা আঁঠুৰ ওপৰৰ প্ৰদেশলৈকে উজোৱা। আৰু সিহঁতে আমাৰ কামাখ্যা চাবলৈ আহিলে, কামাখ্যা-পৰ্ব্বতৰ মেখেলা উজোৱা বাটেদি নিৰাপদে অহা-যোৱা কৰিব পাৰিব।”

 মই ক'লো-“এইটোও নতুন খবৰ। কিন্তু এনেবোব খবৰৰ কথা কৈ থাকিলে তোব মুখত সোপা দি পিঠিত সৌকা মেলিম। আন কিবা ক’বলৈ আছে যদি ক, বাজে কথা বলকি নাথাকিবি।”

 "বিলাতীয়ে এধা-সিজা মঙহ বৰকৈ খায়। পাউৰুটি চকলচেৰেক খায় আৰু সিজোৱা শাক-পাচলি খায়।"

 মই কলোঁ, “ভাল কৰে। আনাৰ দেশত মাছ-মঙহ ৰান্ধোতে হালধি, জালুক, জিৰা, ধনীয়া, তেজপাত, এদা, মৰিচ আদি ছয়ত্ৰিশ জাতৰ গৰম মচলাৰ খেলি-মেলিত মাছ-মঙহৰ যেনেকৈ কণ-কঠীয়া মৰা হয়, মাছ-মঙহৰ জাত আমাৰ দেশত থাকে বুলি বুকু ডাঠকৈ ক'বই নোৱাৰি। আছে নে জানিব খুজিলে চাৰি সত্ৰীয়াসকলকে প্ৰমুখ্য কৰি গোসাঁইসকল আৰু স্মৃতিৰত্ন আৰু বিদ্যাবাগীশসকলক প্ৰশ্ন কৰিহে এই সমস্যাৰ প্ৰকৃত ব্যৱস্থা আনিব পৰা যাব। তাৰ আগেয়ে আমাৰ