সমললৈ যাওক

পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
হাদিৰাচকীৰপৰা গণপৰিষদলৈ


অসন বোকাই-গোবৰে লেটি-পেটি হৈ থকা চোতাল-কুঁৱৰী নহয়, আজিৰ অসম ছত্ৰ-আৰোৱানৰ তলত সিংহাসনত অধিষ্ঠিতা সৰ্ব্ববৰেণ্যা মহাদৈ পটেশ্বৰী।

  স্বাধীনতা-স্পৃহা অসমীয়া জাতিৰ হাড়ে-মগজুৱে লগা। অসমীয়াক বাহিৰৰপৰা দেখিলে নিশ্চেষ্ট স্পন্দনবিহীন যেন লাগে সঁচা, কিন্তু সেই নিৰ্ব্বিকাৰ সুশীতল মুখচ্ছবিৰ তলত লুকাই আছে এখনি বিক্ৰমী হিয়া, দেশৰ মৰ্য্যদা ৰক্ষাৰ কাৰণে দুৰন্ত অভিলাষ আৰু অন্যায়ৰ প্ৰতিষেধক সুদৃঢ় প্ৰতিজ্ঞা। যেতিয়াই প্ৰজাৰ ওপৰত অত্যাচাৰ-উৎপীড়ন হৈছে, যেতিয়াই হাতৰ মুঠিৰপৰা স্বাধীনতা সৰকোঁ-সৰকোঁ হৈছে, তেতিয়াই অসমীয়াই নিৰ্ভয়চিত্তে বীৰৰ দৰে থিয় হৈ কৈছে—“এই সোণৰ সঁফুৰা অসমভূমিক আমি পৰমুখাপেক্ষী হ’বলৈ দিমনে? আমাৰ দেশত নিৰীহ প্ৰজাৰ ওপৰত অন্যায়-উৎপীড়ন হ’বলৈ নিদিওঁ।” এই মনোবৃত্তিৰ প্ৰমাণ বুৰঞ্জীৰ পাতে-পাতে পোৱা যায়।

  খোৰা ৰজাৰ দিনত কোচৰ লগত যুদ্ধত হাৰি স্বৰ্গদেৱে তিনিজনা গোহাঁইৰ পুতেকক কোচ দেশলৈ ওল-স্বৰূপে পঠাবলৈ প্ৰস্তাৱ কৰিলে। ইয়াৰ প্ৰতিবাদত বৰগোহাঁইৰ ভাৰ্য্যাই ৰাজসভাৰপৰা নিজৰ পুতেকক কাঢ়ি লৈ গ'ল, বোলে, “তোমালোক যে কোচৰ যুদ্ধত হাৰিলা, তোমালোক কিহৰ ডাঙৰীয়া? তোমালোকৰ যুদ্ধৰ সাজ মোক দিয়াঁ, মই যুঁজি চাওঁ, তেতিয়া তোমালোকে গম পাবা, মই তিৰোতানে মতা। দিখৌ নৈ ওভতাই বোৱাব পাৰিলেহে মোৰ পোক কোচলৈ দিব পাৰিবা।”

  চুব্মফা জয়াদিত্য ভগ৷ ৰজাৰ কুঁৱৰীয়ে তোলনীয়া পে৷ এটা মৰাত তেওঁৰ লগত ডাঙৰীয়া আৰু ফুকনসকলৰ ল’ৰাক মৈদামত থ’বলৈ মন