সমললৈ যাওক

পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
শ্ৰীসূৰ্য্যকুমাৰ ভূঞা

এনেকি অসমীয়া ভাষাৰ অস্তিত্বলৈও টনা-আঁজোৰা লগা অসমীয়াই নিজৰ অৱস্থা টলকি চাবলৈকে ভালেখিনি বছৰ লাগিল। তথাপি ১৮৬১ চনত আফু-খেতি ৰদ কৰাৰ কাৰণে নগাওঁ জিলাৰ ফুলগুৰি অঞ্চলৰ প্ৰজাবৃন্দই গৱৰ্ণমেণ্টৰ বিৰুদ্ধে অস্ত্ৰ লৈ থিয় হৈছিল; সেই বিদ্ৰোহক নগঞা মানুহে আজিলৈকে “ফুলগুৰিৰ ঢেৱা” বুলি আখ্যা দিয়ে। তাৰ পাছত ১৮৬৯ চনত বৰপেটাত বিদ্ৰোহী প্ৰজাৰ লগত পুলিচৰ সংঘৰ্য হয়। ১৮৯৩ চনত মাটিৰ খাজনা বঢ়োৱাৰ নিমিত্তে ৰঙ্গিয়া, বৰপেটা, দৰং আদি ঠাইৰ গাৱঁলীয়া প্ৰজাই বিদ্ৰোহৰ সূত্ৰপাত কৰে। এই কালত যিসকল অসমীয়া নেতাৰ আৱিৰ্ভাৱ হৈছিল তেওঁলোকৰ সকলো চেষ্টা ন্যস্ত হৈছিল অসমীয়া ভাষাৰ, প্ৰকাৰান্তৰে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰাৰ প্ৰযত্নত।

  কিন্তু মহামানৱ মহাত্মা গান্ধীৰ অধিনায়কত্বত যেতিয়া সদৌ ভাৰতত স্বাধীনতাৰ কাৰণে অহিংস সংগ্ৰাম আৰম্ভ হ'ল অসমীয়াই তেতিয়া আন্ধাৰত পোহৰ দেখাৰ দৰে ভাৰতীয় মুক্তি-যুদ্ধত নিজকে পূৰ্ণাহুতি দিলে। ভাৰতয়ীৰ সমৱেত চেষ্টাত, ক’বলৈ গ'লে এটি প্ৰাণী হানি নোহোৱাকৈ, আজি ভাৰতৰ চুকে-কোণে, গিৰিয়ে-ভৈয়ামে সকলো ঠাইতে স্বাধীনতাৰ ত্ৰিবৰ্ণ পতাকা উৰিবলৈ ধৰিছে, আৰু এই অভ্যুদয়- সন্মানৰ যথাযোগ্য অংশ পাইছে অসমবাসীয়েও। আজিৰ অসম স্বাধীন ভাৰতৰ অন্তৰ্গত এখন স্বাধীন প্ৰদেশ। ভাৰতৰ স্বাধীনতা-সংগ্ৰামত অসমীয়াৰ অংশ লেখত-ল'বলগীয়া। আজি অসমক অচিনাকি পিছ পৰা দেশ বুলি কোনেও সংজ্ঞা দিব নোৱাৰে। স্বাধীনতাৰ কাৰণে অসমীয়া ডেকা-গাভৰু, বুঢ়া-মেথা সকলোৱে যে সৰ্ব্বস্বাৰ্থ বিসৰ্জন দিব পাৰে তাক সকলো দেশৰ মানুহে ভালকৈ বুজিব পাৰিছে। আজিৰ