পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩
কবিৰ অহৈতুকী প্ৰীতি


ফ্লোৰেঞ্চ নগৰৰ ৰাজনৈতিক আন্দোলন এটাৰ নেতাস্বৰূপে সেই সময়ত ডাণ্টে স্বদেশৰপৰা চিৰকাললৈ নিৰ্ব্বাসিত হৈছিল। সেই নিৰ্ব্বাসনৰ কঠোৰ নিৰ্য্যাতন অৱমাননাৰ ভিতৰতো তেওঁৰ অন্তৰ্জীৱনৰ ধ্ৰুৱ তৰা আছিল আদৰ্শ প্ৰতিমা বিয়েট্ৰীচৰ স্মৃতি। তেওঁৰ মহাকাব্যও এই নিৰ্ব্বাসনৰ ভিতৰতেই লিখা হয়।

 মৰুভূমিৰ তপত বালিৰ তলত বৈ থকা পানীৰ দৰে উত্তপ্ত পাষাণ ৰাশিৰ অন্তঃস্ৰোতা নিজৰাৰ দৰে মধ্য-যুগৰ বিদগ্ধ পণ্ডিত আক ৰাজ- নীতিত আগৰণুৱা ডাণ্টেৰ কঠোৰ দৈনন্দিন জীৱনৰ ভিতৰেদি বিয়ে- ট্ৰীচ-প্ৰেম তেওঁব ন বছৰ বয়সৰপৰা আৰম্ভ কৰি ১৩২১ খ্ৰীষ্টীয় শকত তেওঁৰ মৰণলৈকে ৪৭ বছৰ কাল পাতালী গঙ্গাৰ দৰে সঞ্জীৱনী শক্তি, ৰূপে বৈ আছিল। এই প্ৰেমৰ বাহ্যিক স্বৰূপ “নৱজীৱন” বোলা পুথি- খনিৰ চমু বিৱৰণেই। সাধাৰণ পঢ়োঁতাৰ মনত “নৱজীৱন”ত উল্লেখ কৰা ঘটনাবোৰ প্ৰেমৰ কাহিনী হিচাপে কোনো ঘটনাই নহয়। কিন্তু কবিৰ মনত কি মাৰ নোযোৱ ভাৰৰ ঢৌ উঠিছিল, বা কি অপৰূপ সৌন্দ- ৰ্য্যৰ বিকাশ হৈছিল তাক সমান-ধৰ্ম্মীত বাজে আনে বুজিব নোৱাৰে। ডাণ্টেৰ মহাকাব্য বিয়েট্ৰীচক নায়িকাস্বৰূপে সুমোৱা হৈছে। কিন্তু সেই কথা আলোচনা কৰা এই প্ৰৱন্ধৰ উদ্দেশ্য নহয়। বিয়েট্ৰীচক যি ভাৱে মহাকাব্যত চিত্ৰিত কৰা হৈছে সেইটো ডেকা কবিৰ অহৈতুকী প্ৰেমৰ শেষ বিকাশ মাথোন। মহাকাব্যৰ শেহত ডান্টেই লিখিছে-- যি প্ৰেমৰ তাড়নাত সূৰ্য্য আৰু নক্ষত্ৰাৱলী ঘূৰিব লাগিছে, সেই প্ৰেমেই গাড়ীব চকৰিৰ দৰে মোৰ ইচছা আৰু বাসনাক নিয়ন্ত্ৰিত কৰিছে।”

 কবিৰ মনত প্ৰেম আৰু বিশ্ব-শক্তি অভিন্ন পদাৰ্থ। প্ৰৱন্ধৰ আৰম্ভণতেই উল্লেখ কৰা সহজীয়া কবিৰ বামী ৰজকিনীৰ প্ৰতি যি