আঁৰে ফুৰিবলৈ ধৰিলে। এদিন শোকাতুৰ হৈ ফুৰোঁতে কোনোবাই দেখে বুলি চাৰিওফালে চকু ফুৰাই চালত দেখিলে যে খিৰিকিৰ মুখেৰে এজনী গাভৰু ছোৱালীয়ে তেওঁৰ পিনে থৰ লাগি চাই আছে। গাভৰুৰ চকুজুৰি মৰম-বেথাত পূৰ্ণ। কবিয়ে ভাবিলে তেওঁৰ ব্যথাতেই যেন ছোৱালীজনীও ব্যথিত। তাৰ পিছত আহোঁতে-যাওঁতে প্ৰায়েই ডান্টেই খিৰিকিৰ মুখত থিয় হৈ থকা ছোৱালীজনীক দেখা পাবলৈ ধৰিলে। শেহত গৈ গাভৰুজনীক দেখিলেই তেওঁৰ মনত আনন্দ হয়; তেৱোঁ ভাবিলে, “এই গাভৰুজনীও বিয়েট্ৰীচৰ নিচিনাই শান্ত আৰু ৰূপহী: জানোচা মোৰ অশান্ত মনত শান্তি দিবলৈকেই প্ৰেমৰ দেৱতাই এওঁৰ মোৰ চকুত পেলাইছে।”
এনেতে এদিন তেওঁ দিঠকতেই দেখা পালে বহু বছৰৰ আগৰ দৰে যেন বিয়েট্ৰীচে ৰঙা শাৰী পিন্ধি দুজনী গাভৰুৰ মাজত বাটেৰে, খোজ কাঢ়ি যাবলৈ ধৰিছে। বয়সো তেতিয়াৰ দৰেই কুমলীয়া কবিৰ সোঁৱৰণীয়ে আকৌ অতীতৰ ভাব আৰু ঘটনা-পৰস্পৰৰ সূত বগাই ফুৰিবলৈ ধৰিলে আৰু অইন এজনী ছোৱালীৰ প্ৰতি প্ৰেম চকু দিয়া বুলি মনত তীব্ৰ অনুতাপে ঠাই ললে। বিয়েট্ৰীচৰ শোক আকৌ উথলি উঠিল; ফ্লোৰেঞ্চ নগৰখন তেওঁ নিৰানন্দময় যেন দেখিবলৈ ধৰিলে।
‘নৱজীৱন’ বোলা গদ্য-পদ্যময় কাব্যখনৰ শেহ কবিতাত ডান্টে এনেদৰে লিখিছে,—“কবিত্বময় অন্তৰ্দৃষ্টিৰে কবিয়ে দেখিলে যেন বিয়েট্ৰীচ স্বৰ্গৰাজ্যত আছে আৰু স্বৰ্গৰ সকলো সৌন্দৰ্য্যই তেওঁক উপাসনা কৰিব লাগিছে। সেইবোৰৰ এনে প্ৰখৰ জ্যোতি তেওঁৰ অন্তদৃষ্টিয়ে কেনে মুগ্ধ হৈ চাইহে আছে। এই সৌন্দৰ্য্য-লীলাৰ অৰ্থ তেওঁৰ অন্তৰ্দৃষ্টিয়ে তেওঁক উপলব্ধি কৰাব নোৱাৰে। ইয়াৰ ভাযা অতি সূক্ষ্ম।”