পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫০
বাণীকান্ত কাকতি

 আঁৰে ফুৰিবলৈ ধৰিলে। এদিন শোকাতুৰ হৈ ফুৰোতে কোনোবাই দেখে বুলি চাৰিওফালে চকু ফুৰাই চাত দেখিলে বে খিৰিকিৰ মুখেবে। এজনী গাভৰু ছোৱালীয়ে তেওঁৰ পিনে থব লাগি চাই আছে। গাভৰুৰ চকুজুৰি মৰম-বেথাত পূৰ্ণ। কবিয়ে ভাবিলে তেওঁৰ ব্যথাতেই যে ছোৱালীজনীও ব্যথিত। তাৰ পিছত আহোতে-যাওঁতে প্ৰায়েই ডাটেই খিৰিকিৰ মুখত থিয় হৈ থকা ছোৱালীজনীক দেখা পাবলৈ ধৰিলে। শেহত গৈ গাভৰুজনীক দেখিলেই তেওঁৰ মনত আনন্দ হয়; তেৰোঁ ভাবিলে, “এই গাভৰুজনীও বিয়েট্ৰীচব নিচিনাই শান্ত আৰু ৰূপহী: জানোচা মোৰ অশান্ত মত শান্তি দিবলৈকেই প্ৰেমৰ দেৱতাই এওঁৰ মোৰ চকুত পেলাইছে।”

 এনেতে এদিন তেওঁ দিঠকতেই দেখা পালে বহু বছৰব আগ দবে যেন বিয়েট্ৰীচে বঙা শাৰী পিন্ধি দুজনী গাভৰুৰ মাজত বাটে, খোজ কাঢ়ি যাবলৈ ধৰিছে। বয়সে। তেতিয়াৰ দৰেই কুমলীয়া কবিৰ সোঁৱৰণীয়ে আকৌ অতীতৰ ভাব আৰু ঘটনা-পৰস্পৰৰ সূত বগাই ফুৰিবলৈ ধৰিলে আৰু অইন এজনী ছোৱালীৰ প্ৰতি প্ৰেম চকু দিয়া বুলি মনত তীব্ৰ অনুতাপে ঠাই ললে। বিয়েট্ৰীচব শো আকৌ উথলি উঠিল; ফ্লোবেঞ্চ নগৰখন তেওঁ নিবানন্দময় মে দেখিবলৈ ৰবিলে।

 ‘নৱজীৱন’ বোলা গদ্য-পদ্যমৰ কাব্যখনৰ শেহ কবিতাত ডাণে এনেদৰে লিখিছে,—“কবিত্বময় অন্তৰ্দষ্টিৰে কবিয়ে দেখিলে যেন বিয়েট্ৰীচ স্বৰ্গৰাজ্যত আছে আৰু স্বৰ্গৰ সকলে। সৌন্দৰ্যই তেওঁক উপাসনা কৰি লাগিছে। সেইবোবৰ এনে প্ৰখৰ জ্যোতি তেওঁৰ অদৃষ্টিয়ে কে মুগ্ধ হৈ চাইহে আছে। এই সৌন্দৰ্য-লীলাব অৰ্থ তেওঁৰ অন্তদৃষ্টি তেওঁক উপলব্ধি কৰাব নোৱাৰে। ইয়াৰ ভাযা অতি সূকা।”