পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
কবিৰ অহৈতুকী প্ৰীতি


নৰিয়াত পৰিল। নৰিয়াত মূৰৰ ভ্ৰমত তেওঁ নানান খেলিমেলি সপোন দেখিলে। তাৰ ভিতৰত শোকাতুৰা কেতবোৰ তিৰুতাই তেওঁক, কোৱা শুনিলে যেন তেওঁৰ প্ৰাণ-প্ৰেয়সী বিয়েট্ৰীচ্ আৰু ইহ জগতত নাই। সপোনতেই তেওঁ ইমান কান্দিলে যে সঁচাকৈ তেওঁৰ বিছনা তিতি গ'ল।

  সপোন ভাগিলতহে তেওঁ বুজিব পাৰিলে সেইটো মিছা। কিন্তু সপোনৰ বৃ্ত্তান্তটি কবিতাত লিপিবদ্ধ কৰি থ'লে। এইদৰে অন্তৰৰাজ্যৰ ৰাণী পাতি নানান কবিতা আৰু ছন্দেৰে বিয়েট্ৰীচৰ গুণ-গৰিমা ব্যাখ্যা কৰি থাকোঁতে থাকোঁতে প্ৰথমে বাটত দেখাৰপৰা ন বছৰৰ মূৰত ডাণ্টেৰ কাণত আহি বজ্ৰৰ দৰে ঘোষিত হ'ল—বিয়েট্ৰীচৰ মৃত্যু হৈছে।

  এই নিদাৰুণ বাতৰিত শোকাভিভূত হলেও ডাণ্টেৰ বাহিৰা ব্যৱহাৰত কোনো উত্ৰাৱল ভাব প্ৰকাশ নহ'ল। তেওঁৰ শোক কেৱল ছন্দ আৰু গাঁথাতহে প্ৰকাশ পালে।

  এদিন অকলে বহি তেওঁ দেৱ-দূতীৰ মূৰ্ত্তি এখনি পটত আঁকি আছিল। তেওঁ ইমান ভাবমগ্ন হৈ আছিল যে তেওঁক দেখা কৰিবলৈ অহা মানুহ কেইজনমানে তেওঁৰ পিছফালে থিয় হৈ তেওঁৰ কাৰ্য্য-কলাপ চাই থকাৰ কথা তেওঁ গমকেই নেপালে। ভালেমান বেলিৰ মূৰত তত পাই তেওঁলোকক আদৰকৈ বহুৱাই ক'লে, “আন এজনা মোৰ লগত অছিল।”

  অন্তৰত শোকৰ মাত্ৰা বেছি হ'লে কোনোবাই কেনেবাকৈ তেওঁৰ

ব্যৱহাৰ লক্ষ কৰে বুলি ভালেমান দিনলৈ ডাণ্টেই আনৰ চকুৰ আঁৰে