পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩
সাহিত্যৰ সমস্যা

এই বিষয়ে অনেক উৎসাহ থাকিলেও সামাজিক আৰু আৰ্থিক কাৰণত স্থায়ী ৰংঘৰ অসমত চলিব বুলি বোধ নহয়। সামাজিক অভিব্যক্তিৰ লগত সাহিত্য আৰু কলা-চৰ্চ্চাৰ কিমান ঘনিষ্ট সম্বন্ধ তাকো এনেকুৱা- বিলাক কথাৰপৰাই স্পষ্টকৈ বুজা যায়।

 পুৰণি অসমীয়া সাহিত্যৰ বিষয়ে প্ৰকৃত গৱেষণা একো হোৱা নাই বুলিব লাগে। পুৰণি সাহিত্য প্ৰসিদ্ধ গ্ৰন্থবিলাকৰ বৈজ্ঞানিক প্ৰণা- লীৰে পৰীক্ষামূলক সংস্কৰণ প্ৰকাশ কৰা হোৱা নাই। মাধৱ কন্দলিৰ ৰামায়ণৰ ছপা কিতাপ আজি-কালি পাবলৈ নাই। সংস্কৃত ৰামায়ণ পাঠ নিৰ্ণয় কবি বুৰঞ্জী আলোচনা কৰিবৰ কাৰণে এই প্ৰাচীন অসমীয়া ৰামায়ণৰ সহায় আৱশ্যক হ’ব। আমাৰ বিশ্বাস, এই প্ৰাচীন গ্ৰন্থখন উলিয়াব পাৰিলে অসমৰ বাহিৰত পুৰণি অসমীয়া সাহিত্যৰ অন্যান্য গ্ৰন্থতকৈ ইয়াৰ সমাদৰ বেছি হ’ব। বৰ্ত্তমান অসমৰ বাহিৰে ভাৰতৰ প্ৰায়বিলাক প্ৰদেশতে শৃঙ্খলাবদ্ধ গৱেষণাৰ এটা আন্দোলন চলিছে। যোৱা পোন্ধৰ-কুৰি বছৰৰ ভিতৰত ভাৰতত সংস্কৃত সাহিত্য আৰু ভাৰতীয় সভ্যতাৰ বিষয়ে গৱেষণা ইমান বাঢ়িছে যে, এইবিলাক আলোচনাৰ কেন্দ্ৰ য়ুৰোপৰপৰা ভাৰতলৈ উঠি আহিছে বুলিলে অত্যুক্তি নহ’ব। এই গবেষণাৰ ধাৰাৰপৰা অসম বাহিৰ হৈ থাকিলে আমাৰ জাতীয় মৰ্যাদা ক্ষুণ্ণ হ’ব। অসমৰ বুৰঞ্জী, ভাষা আৰু সাহিত্যৰ কাৰণে এখন নতুন গৱেষণা ক্ষেত্ৰ লাহে লাহে মুকলি হ’ব ধৰিছে। তৰুণসকলে ইচ্ছা আৰু পৰিশ্ৰম কৰিলে এই ক্ষেত্ৰত প্ৰতিপত্তি লাভ কৰিব পাৰে।

শ্ৰীকৃষ্ণকান্ত সন্দিকৈ