পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯
সাহিত্যৰ সমস্যা

যোগাইছে। গ্ৰীক সাহিত্যৰ প্ৰথম ডাঙৰ গদ্য-শিল্পী হেৰডটাছে গ্ৰীচ আৰু পাৰস্যৰ জাতীয় যুদ্ধ বৰ্ণাইছে। লেটিন সাহিত্যত লকানে চিজাৰ আৰু পম্পেৰ গৃহযুদ্ধ অৱলম্বন কবি মহাকাব্য ৰচনা কৰিছিল। চিজাৰে নিজে লিখা যুদ্ধৰ কাহিনীও লেটিন গদ্যৰ ভূষণ-স্বৰূপ। ক্ৰুছেড্- বিলাকে ত্ৰয়োদশ শতিকাৰ ফৰাচী গদ্য-সাহিত্যব যোগান ধৰিছিল আৰু এই ক্ৰুছেডবিলাকৰপৰাই ইটালীয় সাহিত্যই টাছ্ ছোৰ মহাকাব্য পায়। আধুনিক সাহিত্যতো টলষ্টয়ে “যুদ্ধ আৰু শক্তি” “ছেবস্তিপুল” আদি ৰচনাত সামৰিক জীৱনৰ চিত্ৰ আঁকিছে। ষ্টেন্‌ডালৰ ৱাটাৰ্ ৰ্লু যুদ্ধৰ বিৱৰণ ফৰাচী সাহিত্যত সুবিখ্যাত আৰ যোৱা মহাসমৰেও সাহিত্যৰ ওপৰত বহুত ছাপ ৰাখি গৈছে।

 সুকুমাৰ কলাৰ লগত সাহিত্যৰ কি সম্বন্ধ, এই বিষয়ে সম্ভৱতঃ আমাৰ সাহিত্যত একো আলোচনা কেতিয়াও হোৱা নাই। কিন্তু চিত্ৰকলা, ভাস্কৰ শিল্পী আদিৰ অভিজ্ঞতাই সাহিত্যক বহুত সঁজুলি দি আহিছে। প্ৰাচীন গ্ৰীক আৰু ভাৰতীয় সাহিত্যত চিত্ৰৰ আৰু চিত্ৰকলাৰ নানা বৰ্ণনা পোৱা যায়। আধুনিক সাহিত্যত লেছিঙে সুকুমাৰ কলা আৰু কবিতাৰ প্ৰকৃতি নিৰ্ণয় কৰিবলৈ গৈ এটা নতুন আলোচনাৰ বাট মুকলি কৰে। তেওঁৰ পিচতে আকৌ জাৰ্ম্মান ৰোমান্টিক কবিসকলে বিষয়টো পুনৰ আলোচনা কৰি এটা নতুন সূত্ৰৰ আভাস দিয়ে। সুকুমাৰ কলাঋ গভীৰ আলোচনা কবি ৰাস্কিনে ইংৰাজী সাহিত্যৰ কাৰণে এখন নতুন ৰাজ্য দখল কৰি গৈছে বুলিব লাগে। তেওঁ সুকুমাৰ কলাকো সামাজিক অভিজ্ঞতাৰ এটা ৰূপ বুলি ভাবিছিল আৰু এই কাৰণেই শেহত তেওঁৰ চিন্তাই সমাজতত্ত্বৰ ফালে ঢাল লৈছিল। কিন্তু চিত্ৰকলাৰ আলোচনা হ’বলৈ হ’লে পোনতে