পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮
পদ্মনাথ গোহাঞি বৰুৱা

শোক-সন্তপ্ত অন্তৰেৰে ধৰ্ম্ম-যুধিষ্ঠিৰৰ ওচৰত এই বুলি খেদ কৰিবলৈ ধৰিলে,-“হে ভাৰতশ্ৰেষ্ঠ! মই সেই সময়ত দ্বাৰকাত উপস্থিত থকা হ’লে, আপোনাসকল এই মহা অপদত পৰিব লগীয়া নহ’লহেঁতেন। ৰজা ধৃতৰাষ্ট্ৰ, দুৰ্য্যোধন, নাইবা আন কোনো কৌৰৱপক্ষীয় লোকে মোক আহ্বান কৰা হ’লেও মই উপযাচি গৈ দ্যূতস্থলত উপস্থিত হ’লোগৈহেঁতেন। অন্ততঃ জ্ঞানী ভীষ্মদেৱ, দ্ৰোণাচাৰ্য্য, কৃপাচাৰ্য্য, বাহলীক, বিদুব এই সকলোৰে মন্ত্ৰণা কৰি দ্যূতৰ অপকাৰিতা সাব্যস্ত কৰাব পাৰিলোঁহেঁতেন। স্ত্ৰী, দূত, মৃগয়া, সুৰাপান এই কামোদ্দীপক বাসন চাৰিবিধে যে সৰ্ব্বলোকৰ শ্ৰীভ্ৰষ্ট কবে, এই নীতিগৰ্ভ কথা স্মৰণ কৰাই দুৰ্ম্মতিগণক দূত্যৰপৰা ক্ষান্ত বখাৰ পৰা গ’লহেঁতেন। নাইবা, সিমানতো নোৱাৰিলে, মই নিজ বাহুবলেৰে আপোনাক এই বিপদৰ- পবা উদ্ধাৰ কৰিলোঁহেঁতেন। কিন্তু, দুখৰ বিষয়, সেই সময়ত মই আন ৰাজ্যত শাম্ব দৈত্যেৰে সৈতে ৰণত লিপ্ত হ’ব লগীয়াত পৰিলোঁ। দ্বাৰাৱতীলৈ উলটি গৈ দুৰ্য্যোধনৰ মুখে আদ্যোপান্ত শুনি আপোনাক সাক্ষাৎ কৰিবলৈ উত্ৰাৱল হৈ আহি এই ঠাই পাইছোঁহি।”

পদ্মনাথ গোহাঞি বৰুৱা