পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০
লক্ষ্মীনাথ বেজবৰুৱা

এই ফেৰা আছে যে, তেওঁ ৫ বছৰৰ ভিতৰত ৭ জন স্বামীৰ চাউল খাই শেহত বদনচন্দ্ৰ বৰফুকনক কাটোঁতা ৰূপসিং চুবাদাৰত বিয়া সোমাল।

 এইদৰেই আমাৰ বংশত ডাঙৰ মানুহ লানি-নিছিগা মুকুতাৰ যেন হৈ চলি আহিছে। এটাইবিলাকৰ জীৱনৰ ঘটনাবোৰ লেখিবলৈ গলে এখন ভাৰত হয়, আৰু ময়ো দ্বিতীয় ব্যাস হওঁ। সেই দেখি জপিয়াই চমুকৈ দুজন এজনৰ নাম উল্লেখ কৰি একে হেঁচোকে ককাদেউতাৰ ওচৰ পালেহি।

 নগাৱঁলৈ আহোঁতে গৌৰীনাথসিংহ স্বৰ্গদেৱক মাৰিবলৈ পিছে পিছে মানুহ লৈ খেদি যোৱা ৰজা-খেদা নগঞা সিন্ধুৰা হাজৰিকাৰ আমাৰ আজো আইৰ ফালৰ কুটুম আছিল। বিখ্যাত পানীমুৱাও, যাৰ খবৰক আজিলৈকে “পানীমুৱাৰ খবৰ বোলে”, আমাৰ বংশৰে এটি ভোটাতৰা। ভূত কুকুবাচোৱা বৰাৰ পুতেক সতৰাম চাৰিঙীয়া ফুকনৰ লীলা-খেলৰ ঘাই লগৰীয়া আৰু সোঁহাতজনো আমাৰ বঙহৰে আছিল। আৰু সেইজনেই আমাৰ এই প্ৰাচীন বংশব মৰ্য্যাদা ৰাখি শেহত সতৰাম ফুকনৰ বিপক্ষে সাক্ষী দিছিল।

 আমাৰ ককাদেউতা অতি চোকাবুধীয়া আৰু দেশাহিতৈষী লোক আছিল। ১৭৩৮ শকত মান আহিল, মানেৰে সৈতে মিলি ককাদেউতাই অসমীয়া মানুহব বয়-বস্তু লুটি-পুটি নিয়াত ৰং দেখুৱাইছিল। শুনা কথা, সঁচা-মিছা ক’ব নোৱাৰোঁ, আমাৰ দেউতাই হেনো মানৰ নিচিনা সাজ পিন্ধি লুংলাং-টুং-টাং মাত মাতি কেঁচুৱা ল’ৰা যাঠিৰে খুঁচি, আৰু তিনিজনী তিৰোতাক কাৱৈ মাছ কচাদি কাচি মাৰিছিল। সেই তিনিজনী তিৰোতাৰ ভিতৰত