স্বহস্তে লৈ আহি নিজৰ ঘৰত সাৱধানে থৈ দিছিল। মূৰ্খ লোকে
নিজব ইষ্টানিষ্ট নুবুজে, মূৰ্খই নিজৰ বস্তু নিজেও ভালকৈ ৰাখিব
নজানে, পৰকো ৰাখিবলৈ নিদিয়ে। সেই দেখি পৰোপকাৰী
ছুৱাবামে মূৰ্খ গৰাকীক জানিবলৈ নিদিয়াকৈ তাৰ বস্তু আনি নিজৰ
তত্ত্বাৱধানত সাৱধানে ৰাখিবলৈ বাধ্য হৈছিল। এওঁৰ বিষয়ে এটা
ঘটনা আজিলৈকে প্ৰচলিত আছে। এক গৃহস্থৰ ঘৰত লোটা-বাটি
কাঁহী-কলহ কিছু সৰহ আছিল। কিন্তু থাকিলে কি হ’ব, ওপৰত
কোৱা সেই আলৈ-আথানি! আমাৰ ছুৱাৱামে সেই লোটা-বাটি ৰক্ষণা-
ৱেক্ষণৰ ভাৰ দয়াপৰবশ হৈ নিজে লোৱাটো কৰ্ত্তব্য ভাবি এদিন
এন্ধাৰ ৰাতি গৃহস্থৰ পিৰালিত চোপা দি বহি গৃহস্থৰ ঘৰৰ মানুহ
শুবলৈ বাট চাই আছিল। অসমীয়া মানুহৰ এটাইবিলাক কথাই
বেবেৰিবাং। ঘৰ-দুৱাৰ একোৰে লাগ-বান্ধ নাই। পিৰালিৰ গাতে
ছুৱনি-পাতখন। গিৰীহঁতনীয়ে ভাত-পানী খাই এন্ধাৰে-মুধাৰে আহি,
মুখ-ধোৱা ছুৱা-চৰিয়াৰ পানী ছুৱনি-পাতলৈ চাটি মাৰি পঠিয়াওঁতে,
দুৰ্ভাগ্যক্ৰমে গোটেই চৰিয়া পানী পিৰালিত এন্ধাৰে-মুধাৰে জুপুকা
মাৰি বহি থকা আমাৰ উপৰি পুৰুষৰ গাতে পবিল। ত’ত ততালিকে
"ভাৰী অসভ্য তিৰোতা!” বুলি গালি পাৰি খং কৰি ফো ফো কৰে
তাৰপৰা উঠি গুচি আহিল! ক’বলৈ শোক লাগে, পুহমহীয়া ৰাতিৰ
সেই ছুৱা-চৰিয়াৰ চেঁচা পানীত স্নান কৰি পানী লগা জ্বৰ হৈ আমাৰ
উপৰি পুৰুষ দয়াশীল ছুৱাৰাম শইকীয়া তিনি দিনৰ মূৰত বৈকুণ্ঠলৈ
প্ৰয়াণ কৰিলে।
কপাহীৰ বিষয়ে (যাক চকু-চৰহাসকলে অন্যায়কৈ জাম্বৱতী বুলি
মাতিছিল) অসম বুৰঞ্জীত বেছি কথা পোৱা নাযায়। কেৱলমাত্ৰ
পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/২১
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
মিলাৰামৰ আত্ম-জীৱনী
