মোৱামৰীয়াহঁতে লক্ষ্মীসিংহ স্বৰ্গদেৱক জয়সাগৰৰ দ’লত বন্দী কৰি থৈ,
কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাক শালত দি, খোৰা মৰাণৰ পুতেক ৰমাকান্তক ৰজা
পতা কাৰ্য্য়ত, বাহুবলী কাতিৰামে মোৱামৰীয়াৰ লগ লাগি সিহঁতৰ দলত
বল দি, ৰজাৰ বিপক্ষে, সেনাপতি খোবা মৰাণ আৰু বাঘ’ মৰাণৰ
ঘৈণীয়েকহঁতে সৈতে সমানে সমানে যুঁজত বিক্ৰম দেখুৱাইছিল। এই
কাতিৰামেই সেইদিনা, জয়সাগৰৰ দ’লত লক্ষ্মীসিংহ ৰজাৰ পিঠিতে
চমটাৰেে তিনি কোব মাৰি, চমটাৰ সোৱাদ কেনে বুজাই, লোকক
নচমটিয়াবলৈ স্বৰ্গদেৱক চিৰকাললৈ শিকনি দিছিল। আকৌ এই কাতি-
ৰামেই কিছু দিনৰ পিছত ঘনশ্যামৰ (পাছে বুঢ়াগোহাঁই) সৈতে যড়যন্ত্ৰ
কৰি, সেৱা কৰিবলৈ আহিছোঁ বুলি, দ্ৰোহী ৰমাকান্তৰ অন্ত কৰিলে।
ক’বলৈ দুখ লাগে, অকৃতজ্ঞ ঘনশ্যাম বুঢ়াগোহাঁয়ে “নিমখ-হাৰামি”
কৰি ফাকি দি ভোজ খাবলৈ বুলি মাতি আনি, আন আন মোৱামৰীয়াই
সৈতে এই বীৰপুৰুষজনক খাল খনাই পোতাই মাৰিলে। নতুবা
কিজানি উদ্ধৱ, অশ্বথামা, হনুমন্ত আৰু বিভীষণে সৈতে আজিও
তেওঁ অমৰ হৈ বদৰিিকাশ্ৰমত থাকিলহেঁতেন। সঁচা-মিছা ভগৱন্ত
বস্তুৱেহে জানে, তেওঁক পোতা ঠাইতে তেওঁৰ মূৰটোৰপৰা গজালি
মেলি এজোপা ডাঙৰ লাও গছ হৈছিল, এনে প্ৰৱাদ প্ৰচলিত আছে।
সকলোতকৈ সৰু ছুৱাৰামোে উজুটিত পৰি মৰা নাছিল। তেৱোঁ “বাপকা বেটা লড়াই কা ঘোড়া“ আছিল। ১৭০৪ শকৰ বহাগব ২ তাৰিখে ৰাতি জুই লগাই শিঙৰি ঘৰ পোৰা মৰাণহঁতৰ এৱেঁই “কাপ্তান“ আছিল। এওঁ অতি বুদ্ধিমান, জ্ঞানী আৰু সৎ স্বভাৱৰ পুৰুষ আছিল। লোকৰ বয়-বস্তু তদাৰক নোহোৱাকৈ আলৈ-আথানি হৈ পৰি থকাটো এওঁ সমূলি সহিব নোৱাৰিছিল। তেনে দেখিলে, সেই বস্তু এখেতে