পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
মিলাৰামৰ-আত্মজীৱনী


  এই পৃথিৱীত পৰিশ্ৰমী আৰু অধ্যৱসায়ী মানুহৰ পক্ষে সৰু অৱস্থাৰপৰা ডাঙৰ অৱস্থা পাবলৈ টান নহয়। বেঞ্জামিন্ ফ্ৰেঙ্কলিন্ ছাপাখানাৰ প্ৰিন্টাৰৰ অৱস্থাৰ পৰা এখোজ-দুখোজকৈ নথৈ ডাঙৰ মানুহ হৈছিল বুলি শুনিছোঁ৷ নেপোলিয়ন বোনাপাৰ্ট এটা সামান্য চিপাহীৰ অৱস্থাৰপৰা সম্ৰাট হৈছিল বুলি কয়। আমাৰ পূৰ্ব্ব-পৰুষ ৰাতিৰামো নিজৰ অদম্য পৰিশ্ৰম আৰু অধ্যৱানৰ গুণত বৰ ডাঙৰ মানুহ হৈ উঠিছিল। ইংৰাজীত যাক “চেলফ্-মে'ড্ মেন্” বোলে, ৰাতিৰাম তাৰ উদাহৰণ। প্ৰথমতে তেওঁলোকৰ বাটিটো, তাৰ পিছত ঘটিটো, তাৰ পিছত লোটাটো, তাৰ পিছত ছাগলীটো, গৰুটো, ম’হটো, গৰাকীৰ বিনানুমতিত আৰু অজ্ঞাতসাৰেে ইফাল-সিফাল কৰি সৰকাই, সেই মহাবিদ্যাত দিনকে দিনে ওখ হৈ দ’লৰ কলচী ঢুকি পোৱা হৈছিলগৈ। অসমৰ বুৰঞ্জী পুৰি খোৱা আপোনপেটীয়া “জলম- বটা” কীৰ্তিচন্দ্ৰ বৰবৰৱাই, ৰজাৰ খাটনিয়াৰ হৈ মাটিত ভৰি নোথোৱা হ’লত, বৰগোহাঁই প্ৰভৃতি ৰজাৰ প্ৰধান প্ৰধান লোকসকলে যেতিয়া ষড়যন্ত্ৰ কৰি এই কোট্কো‌ৰা কাঁইট উভালিবৰ থিৰ কৰিলে, তেতিয়া সেই গুৰুতৰ কাৰ্যসিদ্ধিৰ নিমিত্তে, ডাঙৰীয়াসকলৰ কানি-খোৱা পিয়লা বাটি যেন ডাঙৰ ডাঙৰ চকু আমাৰ ৰাতিৰামৰ ওপৰত পৰিল। ৰাতিৰাম পিছ হুহকিবৰ পদাৰ্থ নহয়। ১৬৮৫ শকত গছত ঘৈওৱাদি ঘৈয়ালে। অৱশ্যে কপালৰ বল বৰ বল। বৰৱা নমৰিল, মৰিল ৰাতিৰাম। ত’ত বিচাৰত কটা গ'ল।

  ৰাতিৰ ভাই কাতিও কাতি হৈ পৰা বিধৰ লোক নাছিল। তেওঁ

যথাসাধ্য আমাৰ বংশৰ নাম আৰু মান ৰাখিবলৈ ত্ৰুটি কৰা নাছিল।