পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭১
গান্ধীবাদৰ দাৰ্শনিক ভেটি আৰু অৰ্থনৈতিক আঁচনি

 যন্ত্ৰ-শিল্পইহে মানুহ আৰু মানুহৰ ভিতৰত আকাশ-পাতাল সৃষ্টি কৰে। এনে শোচনীয় বৈষম্যৰপৰা মানুহ-জাতিক ৰক্ষা কৰিব লাগিলে দেশৰ শিল্পোদ্যোগত ডাঙৰ যন্ত্ৰ-শিল্পৰ আঁচনি নখটুৱাই কুটীৰ শিল্পৰ আঁচনি খটুৱাব লাগিব। কুটীৰ-শিল্পৰ এটা প্ৰধান গৌৰৱ এই যে মানুহ-জাতিৰ বেছি-সংখ্যক লোকে ইয়াৰ জৰিয়তে স্বাধীনভাবে নিজৰ ঘৰতে বা গাৱঁতে প্ৰয়োজনমতে উপাৰ্জ্জন কৰিবলৈ সুবিধা পায়। কুটীৰ-শিল্পীয়ে গাওঁ এৰি ফেক্টৰীৰ হাটীৰ অন্ধকাৰ কোঠাত জীৱন কটাব লগীয়া নহয়; ফেক্টৰীৰ বনুৱাৰ দৰে আনৰ আদেশ পালন কৰাই তেওঁৰ কাম নহয়। তেওঁ নিজৰ কল্পনামতে একো একোটি বস্তু সম্পূৰ্ণকৈ তৈয়াৰ কৰে। তেওঁৰ মানস-প্ৰতিমা নিজ হাতে তুলি ধৰি তাক মূৰ্ত্তিমান কৰি তোলে। কুটীৰ-শিল্পীয়ে তেওঁৰ শ্ৰমেৰে সুকুমাৰ কলা সৃষ্টি কৰে। খেতিয়কে নিজ হাতেৰে কৰা সোণোৱালী ধানডৰা দেখি, কুমাৰে নিজে গঢ়া প্ৰতিমাখন চাই, মালীয়ে তেওঁ মনোমতভাৱে ৰোৱা ফুলনিখন চাই, যি আনন্দ পায়, ফেক্টৰীৰ বনুৱাই তাৰ অলপো আভাসেই পাব নোৱাৰে। খনিকৰে যেতিয়া হেঙুল-হাইতাল খুউৱা সিংহাসনখন কৰি উলিয়ায়, শিল্পীয়ে যেতিয়া মৰা জন্তুৰ হাড়-মূৰত প্ৰাণ প্ৰতিষ্ঠা কৰে, শিপিনীয়ে যেতিয়া নিজ হাতে-কটা আৰ হাতে-বোৱা কাপোৰখন মৰমৰজনক উপহাৰ দিয়ে, তেতিয়া তেওঁলোকে যি আনন্দ উপভোগ কৰে, ফেক্টৰীৰ বনুৱাৰ জীৱনত তাৰ তুলনা ক’ত? ফেক্টৰীৰ বনুৱাই পুঁজিবাদী সমাজতেই হওক বা সাম্যবাদী সমাজতেই হওক, কোনো এটা বস্তুৰ এটা সাধাৰণ অংশৰ কামতহে পুৱাৰপৰা গধূলিলৈকে লাগি থাকিব লগা হয়। কি বস্তুটো তৈয়াৰ হৈছে, কেনেকৈ তৈয়াৰ হৈছে, শেষত