পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

১৭০ শ্ৰীবিজয়চন্দ্ৰ ভাগৱতী

গাৰ বলেৰে নোৱাৰে, তেনে কামত মানুহে যন্ত্ৰৰ সাহায্য ল'ব পাৰে। উদাহৰণ স্বৰূপে গান্ধীজীয়েে কাপেৰেে-সীমাৰ কথা কৈছে কল! একেথৰে বহি বেজীৰে কাম কৰা দেখি সেই আমনি লগা কামৰপৰা ঘৈণীয়েকক সকাহ দিয়াৰ ভাবেৰে ছিঙ্গাৰ ছাহাবে এই মেচিন উদ্ভাৱন কৰে। ইয়াৰ পাছ ফালে প্ৰেমৰ ভাব আছে। গান্ধী এনে যস্ত্ৰৰ পক্ষপাতী৷ গান্ধীবাদৰ মতে যিবিলাক যন্ত্ৰই মানুহক কাম কৰাত সহায় কৰে, কিন্তু মানুহৰ শ্ৰম অনাৱশ্যক কৰি নোতোলে, আৰু তাক চলাবলৈ আনৰ শ্ৰম ভাৰা কবিৰৰ প্ৰয়োজন নহয়, তেনে যন্ত্ৰ ব্যৱহাৰ কৰাহে যুগুত। এনে যস্ত্ৰৰ সহায়ত মানুহে গা খটুৱাই যি পাৰে উপাৰ্জ্জন কৰিব, আনৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ নকৰিব। এক কথাত ক'ব লাগিলে গান্ধীবাদ কেন্দ্ৰীভূত শিল্পৰ বিৰোধী আৰু উৎপন্নৰ ক্ষেত্ৰতে কেন্দ্ৰীকৰণৰ পক্ষপাতী। যি হিছাপে কেন্দ্ৰীভূত শিল্পৰ লগত ডাঙৰ যন্ত্ৰ-শিল্পৰ আৰু কেন্দ্ৰীকৰণ শিল্পৰ লগত কুটীব-শিল্পৰ সম্বন্ধ, সেই হিছাপে গান্ধীবাদ ডাঙৰ যন্ত্ৰ-শিল্পৰ বিৰোধী আৰু কুটীৰ-শিল্পৰ পক্ষপাতী বুলি ক'ব পাৰি।

সাধাৰণ সহজ যন্ত্ৰ-পাতি লৈ মানুহে নিজৰ ঠাইতে গাৱেঁ-ভুুঁয়ে আৱশ্যকীয় বস্তু তৈয়াৰ কৰি ল'ব লাগে--এৰে গান্ধীবাদৰ কথা। তেওঁলোকৰ যুক্তি হৈছে ৰে ডাঙৰ যন্ত্ৰ-শিল্পত বহুত মুুলধন লাগে! সাধাৰণ মানুহে সেই শিল্প নিজে চলাব নোৱাৰে, লাখপতিৰ হাতত শিল্পবিলাক এৰি দি তেওঁলোকে তাত কিনা গোলামৰ দৰে বনুৱা. সোমাব লগা হয়। এই ব্যৱস্থাত এফালে কোটীপতি আৰু, আনফালে ডাল-দাৰিদ্ৰ বনুৱা, এই দুটা শ্ৰেণীব সৃষ্টি হৈছে। যন্ত্ৰ-বিপ্লবৰ আগতে ধনী আৰু দুখীয়া আছিল যদিও তেওঁলোকৰ ব্যৱধান ইমান বেছি নাছিল।