পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পাহৰাই ৰখাও কবিৰ উদ্দেশ্য। সেই কাৰণেই কাব্যৰ বৰ্ণনাত ধন-সোণ, বয়-বস্তুৰ ওৱাদানি। কুৰ্ম্মাৱলী ৰজাৰ নগৰব বৰ্ণনাত আছে-

সুৱৰ্ণৰ চৌপথে পদূলি সুৱৰ্ণৰ।
পশু-পক্ষী যত সুৱৰ্ণৰ বিস্তৰ॥
সুৱৰ্ণৰ তৰু তৃণ লতা আছে যত।
দেখৰ সুৱৰ্ণময় যতেক পৰ্বত॥
সুৱৰ্ণৰ বৃক্ষৰ সুৱৰ্ণৰ ফল।
সুৱৰ্ণৰ পত্ৰসৱ পৰম নিৰ্ম্মল॥
সুৱৰ্ণৰ পুষ্পসৱ আছে ফুলি ফুলি।
গাছতে পকিয়া আছে সুৱৰ্ণ কদলী॥

 বাস্তৱ জীৱনত যিজনে দহোটা সংখ্যা গণিব নোৱাৰে, কাৰ্য্যত তেৱেই “চৌৰাশী হাজাৰ” সংখ্যাৰ বৰ্ণনাত আনন্দ পায়। দাৰিদ্ৰ ভাৰতীয় আধ্যাত্মিক জীৱনৰ আদৰ্শ। কবিয়ে পাণ্ডৱৰ দুখ-নিৰ্যাতন কৰুণ কাহিনীৰ মাজেদি সেই নীতিকে প্ৰচাৰ কৰিছে। “জঙ্ঘাসুৰৰ যুদ্ধ” কাব্যত যুধিষ্ঠিৰে খেদকৈ ভীমক কৈছে,

শুনিয়োক বৃকোদব আমাৰ বচন।
সাত দিন অন্ন নাহি নাৰহে জীৱন॥
দৈৱৰ বিপাক বিধি লিখিলা কপালে।
শকুনিতে বাদ মাত্ৰ ভুঞ্জো কৰ্ম-ফলে॥
অৰ্জুন নকুল দুয়ো চলিয়ো লগত।
ফল-মূল কিছুমান লৈয়োক সতত॥

 শ্ৰীকৃষ্ণ যাৰ সখা, সেই পাণ্ডৱেই যেতিয়া অভাৱ-অনাটন-প্ৰপীড়িত, তেনেস্থলত সাধাৰণ মানুহৰ কি দশা? দৰিদ্ৰ জন-গণক কাব্যই এনে-