পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ৰাক্ষসৰ বাহুৰ আটাৰ ছোট পাই।
কেকান্তে ৰহিলা বীৰ অচেতন হুই॥
মাধৱৰ অংশ ভীম পৱন-নন্দন।
সিকাৰণে তাৰ হাতে নগৈল পৰাণ॥

 অস্বাভাৱিক আৰু অতিৰঞ্জিত হোৱাৰ হেতু তলৰ অংশটি অধিক কৌতুক-পূৰ্ণ-

তাত পাছে জঙ্ঘাসুৰে ভীমক ধৰিয়া।
সাঙ্গি বান্ধি লৈয়া গৈলা নগৰ লাগিয়া॥
ৰাক্ষস পশিলা গৈয়া আপুন নগৰ।
বাজ হুয়া দেখৰ সমস্ত নাৰী নৰ॥
বেশ্যা নাৰী আছে তাত চৌৰাশী হাজাৰ।
সমস্তে বেঢ়িয়া চাৱে একমুণ্ড নৰ॥
কেহোজনী বোলে আৰ শুনিয়োক বাই।
একমুণ্ড নৰ স্বপ্নত দেখা নাই॥
একমুণ্ড মনুষ্যক দেখিবাক ভাল।
আমাৰেসে স্বামীগণ পৰম জঞ্জাল॥
ৰূপ-গুণ দেখি নাৰীগণ মোহ ভৈলা।
নৃপতিক ভয়ে কেহো কাষ নচাপিলা॥
ধৰি বান্ধি ব্যাধে পশু নেয় যেনমতে।
পোতাশালে থৈলা নিয়া অসংখ্যাত দূতে॥

 অতিবঞ্জিত বৰ্ণনাৰ দ্বাৰা দৰিদ্ৰ শ্ৰোতাসকলক তেওঁলোকৰ দৈনন্দিন অভাৱ অনাটন, জীৱনৰ আৰ্থিক আৰু জটিল সমস্যাৰপৰা ক্ষণমাত্ৰ