পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভূতিৰ বিশুদ্ধীকৰণ! কাব্যব এই হাস্য-ৰসব হাঁহিত বাস্তৱ জীৱনৰ হাঁহিৰ দৰে বিদ্ৰুপ, অভিমান, আত্ম-গৌৰৱ, অনুকম্পাৰ স্থান নাই। কাব্যৰ হাঁহি নিমিত্ত, প্ৰয়োজন-বিৱজ্জিত, অনাবিল আনন্দৰ হাঁহি। অনুভূতিৰ এই নিঃস্বাৰ্থ আৰু স্বাধীন স্বভাৱেই সকলো সাহিত্যৰ মূল- বস্তু। উপৰোক্ত কথাৰ উদাহৰণস্বৰূপে ‘জঙ্ঘাৰ-যুদ্ধ’ৰপৰা ভীম- জজ্ঞাসুৰৰ ডবৰা-ডবৰিৰ বৰ্ণনাটি তুলি দিয়া হ'ল। ভীমৰ বল-বিক্ৰম সম্পৰ্কে সাধাৰণৰ যি ধাৰণা আছিল, কাব্যত অপ্ৰত্যাশিতভাৱে তাৰ ব্যতিক্ৰম ঘটিছে --

কাতি হুয়া জঙ্ঘাসুৰে পৰিবে চাহিলা।
মহাবলী হেতু তেহে থমকি ৰহিলা॥
ভীমেও ক্ৰোধত ছিদ্ৰ চাই ফুৰে বেগে।
একগোট মাথাত ধৰিলা সেহি ছেগে॥
বজ্ৰৱত অসুৰৰ ছাল আতি টান।
ঝাম্প দিয়া অসুৰৰ ধৰিলন্ত কাণ॥
ভীমক অসুৰে ধৰিলেক টান কৰি।
ধৰণীত পড়ি কৰে বাগৰা-বাগৰি॥
কাতি কৰি জঙ্ঘাসুৰে ধৰিলা ভীমক।
মাৰিলেক কিল যতমান পাৰিলেক॥
চৌৰাশী হাজাৰ মাৱ কিলক মাৰিলা।
কতক্ষণ থাকি ভীমে ওফন্দি উঠিল।
দুই হাজাৰেক বাহু মেলি মহাবলী।
ভীমক আটিলা যেন হস্তীৰে কদলী