পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৭
বধ-কাব্য

 বীৰ ৰসৰ বৰ্ণনা বহু সময়ত স্বাভাৱিক গতিত অদ্ভুত বা বিস্ময়লৈ ৰূপান্তৰিত হৈছে। নাট্য শাস্ত্ৰয়ো কৈছে, “বীৰাচ্চৈৱাদ্ভুৎপত্তি।”

 বৈষ্ণৱ কাব্য-সমূহ ঘাইকৈ গীতৰ সুৰত পাঠ কৰি অপঢ়ুৱৈ সমাজত শুনোৱাৰ ৰীতি এতিয়াও চলি আছে। সেই কাৰণেই এই কাব্য-সমূহ একাধাৰে ধৰ্ম্ম-গ্ৰন্থ, কাব্য, উপন্যাস, গীত আৰু নাটক। কথোপকথনৰ পদ থকাত বধ-কাব্যত নাটকীয় সাঁচ আছে, আৰু পাঠকে তাকে আবৃত্তিৰ সুৰত গোৱাত সহৃদয়ৰ হৃদয় সি বিশেষভাৱে আকৃষ্ট কৰে। ৰাজহুৱাভাৱে আবৃত্তি কৰাৰ হেতুকে নানা ধেমেলীয়া বৰ্ণনাও সংযোগ কৰা হৈছে।

  লোক-প্ৰয়োজনলৈ লক্ষ্য ৰাখিয়েই এই কাব্যত হাস্য-ৰসৰ প্ৰাধান্য দিয়া হৈছে। নতুনত্ব অথবা আকস্মিকতাই হাস্যৰসৰ মূল উৎস। অথচ গাঁৱলীয়া জীৱনত নতুন বুলিবলৈ একো নাই, আচাৰ-নীতি, সমাজ-ব্যৱস্থা, জীৱনৰ আদৰ্শ সকলো পুৰণি নিয়মেৰে নিকপকপীয়াকৈ বন্ধা। পুৰণিৰ প্ৰতি গাৱঁলীয়া লোকৰ সহজ প্ৰীতি। পুৰণি নহ'লে গাৱঁলীয়া জীৱনত কোনো বস্তুবে সমাদৰ নাই। আন কি, ন ধান অন্নেও নুশুজে, পুৰণি মলা ধঁপাত, পুৰণি খেকেবাবহে চোক বেছি, ধোঁৱা-চাঙত তুলি থোৱা পুৰণি লাও-কোমোৰাৰ সোৱাদ অনুপম। নিজৰ চাৰিওপিনে থকা বস্তু-সমূহৰ প্ৰতিও গাৱলীয়া প্ৰজাই পুৰণি সংস্কাৰ-গত ধাৰণাকে ধৰি আছে, দেৱ-দেৱী, দানৱ-মানৱব বিষয়েও পুৰষানুক্ৰমে বাগৰি অহা কল্পনাকেই বিশ্বাস কৰিছে। সেই বদ্ধ-মূল ধাৰণা-কল্পনা। কাব্যৰ হাস্য-ৰস বৰ্ণনাই অকস্মাতে সলনি কৰি দিয়ে। কাব্যৰ যোগে পুৰণি বান্ধোনৰপৰা খন্তেকলৈ মুক্তি লভি তেওঁলোকে হাঁহিবলৈ ধৰে। এয়ে এৰিষ্টটলে বৰ্ণোৱা কাব্যৰ Katharsis বা অনু-