আৰ্ত্তৰাৱে দেৱী কান্দিৰে লাগিলা
পুত্ৰৰ মুখ চাই ।।
হৰি হৰি বাপপ্ৰাণৰ পুতাই
কিমতে দুখ বঞ্চিবি ।
তোৰ সম দুখ ত্ৰিভুৱনে নাই
যিমতে দুখ লভিবি।।
ধূলা জাৰি তোক কোনে তুলি লৈবে
কাহাত কৰিবি ৰোষ ।
হাতে তুলি তোক কোলে খুৱাইবে
কৰিবে কোন সন্তোষ ।।
যুদ্ধ-বিগ্ৰহ-সংক্ৰান্ত বিষয়ৰ কাব্য হোৱাত বধ-পুথিত বীৰ বসৰেই প্ৰাচুৰ্য্য। যি কোনো পুথিৰপৰাই কবিৰ উৎসাহপূৰ্ণ নিপুণ বৰ্ণনাৰ নিদৰ্শন উদ্ধৃত কৰিব পাৰি। ভীষ্ম আৰু কূৰ্ম্মৱলীৰ যুদ্ধৰ তলৰ বৰ্ণনাটিয়েই ইয়াৰ প্ৰমাণ—
হেন দেখি কূৰ্ম্মৱলী পৰম ক্ৰোধত ।
ব্ৰ্হ্মাৰ শকতিপাট জুৰিলা গুণত ।।
প্ৰলয়ৰ বহ্নি যেন শকতি দুৰ্জ্জয় ।
অযুত সূৰ্যৰ তেজ প্ৰকাশ কৰয় ।।
শৰৰ প্ৰতাপে সৰ্ব্ব পৃথিৱী লৰিলা ।
মন্দৰ গিৰিত যেন চমক লাগিলা ।।
সকল পৃথিৱী নদী নদ ভয় ভৈলা ।
আকাশৰ তাৰাগণ খসিয়া পৰিলা ।।
দেখি দেৱ-লোকৰ ভৈলেক মহাত্ৰাস।
কুৰু কূৰ্ম্মটিৰ সৱে মনত উচ্ছ্বাস ।।