পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৫
বধ-কাব্য

বিশ্বাস হ’লে অলক্ষ্যে থাকিও ভগৱানে সদ্য-সৰ্ব্বদা ভক্তক পালন কৰে। কিন্তু বধ-কাব্যসমূহত ভক্তৰ ভক্তিৰ মহিমা প্ৰকাশ পালেও দৈৱ-দুৰ্বিপাকত অথবা অদৃষ্টৰ হেতু অপৰাজেয় অসুৰৰ পতনত সহানুভতিৰ উদ্ৰেক নোহোৱাকৈ নাথাকে, যদিও অপাত্ৰত কৰুণ-নিদৰ্শন সংস্কৃত আলঙ্কাৰিকসকলৰ মতে নিষেধ।

 ডক্টৰ কাকতিয়ে সমীচীন মন্তব্যকে প্ৰকাশ কৰিছে যে, বধ- কাব্যবোৰৰ প্ৰত্যেকখনেই ৰূপকতকৈ আখ্যান হিছাপে বেছি মনোৰম, ঠায়ে ঠায়ে কবিয়ে চৰিত্ৰ-অঙ্কনত এনে সূক্ষ্ম তুলিকা স্পৰ্শ দিছে যে বিস্ময় মানিব লাগে। ডক্টৰ কাকতিয়ে ‘অশ্বকৰ্ণ-যুদ্ধ’ৰ পৰা ভীম, অৰ্জ্জুন আৰু হেমা সুন্দৰীৰ চৰিত্ৰ সুন্দৰভাৱে বিশ্লেষণ কৰি এই উক্তিৰ যথাৰ্থতা প্ৰমাণ কৰিছে। এই এক কথাকে অন্যান্য বধ- কাব্যৰ বিষয়েও ক'ব পাৰি। কাব্যৰ নায়ক-নায়িকা পৌৰাণিক হ’লেও গণ-চিত্ত স্পৰ্শ কৰিবৰ কাৰণে কবিয়ে তেওঁলোকৰ চৰিত্ৰ ভালেখিনি সাধাৰণ মানুহৰ আদৰ্শত গঢ়ি তুলিছে। ‘কুৰ্ম্মৱলী কাব্য’ৰ ‘কুৰ্ম্মৱলী ৰজা’ৰ বিধৱা ৰাণী সত্যৱতীৰ শোকৰ বৰ্ণনা ৰাজোচিত আৰু সংযত হোৱা নাই। তাৰ মাজত স্বামী হেৰুওৱা আশ্ৰয়হীন দৰিদ্ৰ বিধৱাৰ বিলাপ-বিননিহে মূৰ্ত হৈ উঠিছে। যথা—

সত্যৱতী নামে  পৰমা সুন্দৰী
 নৃপতিৰ পাটেশ্বৰী।
দীৰ্ঘবাৱে দেৱী কান্দিৰে লাগিল।
 ৰজাৰ গুণ সুমৰি।।
পঞ্চ বৎসৰৰ পৰম সুন্দৰ
 উপমাৰ নাহি ঠাই।