সমললৈ যাওক

পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৪
শ্ৰীবিৰিঞ্চিকুমাৰ বৰুৱা

 এই কাব্য-সমূহ ঘাইকৈ গণ-চিত্ত আকৃষ্ট কৰিবৰ কাৰণে যুগুত কৰা হৈছিল। লোক-চিত্ত শিশুৰ দৰে সৰল আৰু সহজ-বিশ্বাসী। শিশুৰ মনত প্ৰাকৃতিক, অপ্ৰাকৃতিক, বাস্তৱ-কল্পনাৰ প্ৰভেদ নাই; সকলো সম পৰ্য্যায়ৰ। সেই কাৰণেই প্ৰতিখনি কাব্যতে দেৱ-দেৱী, দানৱ-মানৱ, পশু-পক্ষীৰ লৌকিক-অলৌকিক ঘটনাৱলীৰ অদ্ভুত আশ্চৰ্য্য ৰূপৰ সমাৱেশ ঘটিছে। বিবিধ সৰ্গত সৰু-বৰ বহু ঘটনা আৰু অজেয় অসুৰ অথবা অলৌকিক শক্তি-সম্পন্ন পুৰুষৰ আখ্যান সিঁচৰতি হৈ আছে। ঘটনাবহুল আৰু চৰিত্ৰ-সঙ্কুল হোৱা সত্ত্বেও কাব্যৰ আদি, মধ্য আৰু অন্তৰ লগত সংযোগ হোৰোৱা নাই; গোটেই কাব্যতে অখণ্ডতাৰ ৰূপ, সমগ্ৰতাৰ ভাব প্ৰস্ফুটিত হৈছে। কৰ্ম্ম-ফল- বিশ্বাসী ভাৰতীয় আদৰ্শত ট্ৰেজেডিৰ স্থান নাই | গতিকে ধৰ্ম্মৰ জয় আৰু অধৰ্ম্মৰ পৰাজয় নীতি ব্যাখ্যা কৰি আনন্দৰ মাজত প্ৰতিখনি কাব্যৰ শুভ সমাপ্তি ঘটিছে।

 কাব্যৰ বিষয় অসুৰ আৰু মানুহৰ মাজত হোৱা সংঘৰ্ষত গঢ় লৈ উঠিছে। বিশেষকৈ বনবাসী পাণ্ডৱৰ জীৱনত ঘটা অনৰ্থ আৰু বিপদ-ৰাশিৰ ওপৰতে কাব্যৰ আখ্যানে পৰিপুষ্টি লভিছে। কোনো এক দেৱতাৰ অনুগ্ৰহ লভি নতুবা দেৱ-দত্ত শক্তিৰ বলত দুৰ্ব্বল মানুহৰ ওপৰত আসুৰিক অত্যাচাৰ আৰম্ভ হয়। কিন্তু ভক্তৰ সহায় ভগবান-

হৰি ৰক্ষা কৰি ফুৰে সৰ্ব্ব বিপদত।
ধেনু ৰাখি ফুৰে যেন বৎসক স্নেহত॥

 সঙ্কটৰ সময়ত ভগৱানে উপস্থিত হৈ ছলে বলে-কৌশলেৰে শক্ৰৰ দৰ্প চূৰ্ণ কৰিবলৈ সক্ষম হৈছে। দৈৱ-শক্তিৰ সহায় নহ'লে, আত্ম-শক্তিৰ ওপৰত ‘সংসাৰ গহন বন’ত চলা সহজ নহয়। ‘হৰিত