পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বধ-কাব্য

 বধ-কাব্যসমূহ অসমীয়াত অনুপম সাহিত্য। এই পুথি-সমূহে অসমীয়াৰ আধ্যাত্মিক আৰু সামাজিক জীৱনত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰি আহিছে। এফালে এই পুথিবোৰে যেনেকৈ আমাৰ সৰ্বভাৰতীয় সংস্কৃতি আৰু আদৰ্শৰ লগত সংযোগ ঘটুৱাইছে, অনিফালে এই সাহিত্যৰ পঠন-পাঠনে অসমীয়াৰ সামাজিক জীৱনত অনাবিল আনন্দৰ সমল যোগাইছে।

 বধ-কাব্যৰ ৰূপক বা দ্ব্যৰ্থ আছে বুলি ডক্টৰ কাকতিৰে উল্লেখ কৰিছে। পাপক পৰাভৱ কৰি ধৰ্ম্ম-ৰাজ্য সংস্থাপন কৰাই এই কাব্য- সমূহৰ উদ্দেশ্য। কৃষ্ণ-মহিমা প্ৰকাশ, ভক্তৰ গৌৰৱ ঘোষণা; দুষ্টক দমন, সন্তক পালন, এনেবোৰ বৈষ্ণ্ব আদি জনসাধাৰণৰ মাজত দাঙি ধৰাই বধ-কাব্যৰ প্ৰধান উদ্দেশ্য। প্ৰত্যেকখনি কাব্যতে অপবাজেয় অসুৰৰ হাতত ভক্তৰ জীৱন কেনেভাৱে বিপন্ন হৈছিল, ভগৱানে সন্ধিক্ষণত কেনেকৈ ভক্তক উদ্ধাৰ কৰিছিল, সেই কথা বৰ্ণোৱা হৈছে। ‘‘জঙ্ঘাসুৰ-বধ’’ত আছে—

বীৰৰ উপৰি বীৰ কালৰ যে কাল।
সত্বৰে হৰিক ভজা এৰি আল-জাল।।
যিটো জঙ্ঘাসুৰ বীৰ ত্ৰৈলোক্য-বিজয়।
তাহাক পাণ্ডৱে কিনো বধিতে পাৰয়।।
পৰম ভকত তাৰা পঞ্চ যে পাণ্ডৱ।
ভকতৰ মহিমাক বঢ়ান্ত মাধৱ।।