পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ পাতনি

ভাঙে। কামৰূপীয় ভাষাত মহাভাৰতৰ পদ ৰঁচোতা ৰুদ্ৰ কন্দলিও এওঁৰ সমনীয়া।

  তাৰ পিছত শ্ৰীশঙ্কৰদেৱৰ জন্মেৰে (১৪৪৯) বৈষ্ণৱ সাহিত্যৰ মহা পয়োভৰৰ কাল। এওঁৰ তিৰোভাৱৰ (১৫৬৯) কালৰপৰা আৰু ডেৰকুৰি বছৰ ধৰি ষোড়শ শতিকাৰ সামৰণিলৈকে ভাৰতীয় প্ৰাদেশিক সাহিত্যত অনুপম এই বৈষ্ণৱ যুগ। ভট্টদেৱৰ গদ্য আদিৰে এই যুগৰ অসমীয়া সাহিত্য ইমান প্ৰসিদ্ধ যে তাৰ চিনাকি অনাৱশ্যক।

  ইয়াৰ পিছতে, সপ্তদশ শতিকাৰ পাতনিৰেপৰা ইংৰাজ ৰাজত্বৰ আৰম্ভলৈকে প্ৰায় ২৩০ বছৰ কাল কোনো ধৰ্ম বা সামাজিক আন্দোলন বা সাহিত্যৰ কোনো নতুন ভাব-ধাৰা দেখিবলৈ পোৱা নাযায়। কেৱল, ৰাজনৈতিক ফালৰপৰা, এইকালতে অসমত আহোম ৰাজত্বৰ কীৰ্তি দুপৰৰ বেলিৰ দৰে উঠি ক্ৰমে লহিয়াবলৈ ধৰে। ষোড়শ শতিকাৰ কোচ ৰজ। মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাৰ শঙ্কৰ, মাধৱ, দামোদৰ, পুৰুষোত্তম, কোনো আহোম ৰাজসভাত নাই। সেই বুলি আহোম ৰাজত্বত অসমীয়া সাহিত্ৰয সমাদৰ একেবাৰে নাছিল বুলিলে সত্যৰ অপলাপ কৰা হয়; কিয়নো, মহাৰাজ ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ নিজে ৰচা গীত আদিয়েই তাৰ বিৰুদ্ধে প্ৰাণ দিব।

  সাহিত্যৰ বিশেষ গতি আৰু ভাব-ধাৰাৰপৰা চালেও এই কালছোৱা কোনোপ্ৰকাৰে অলাগতিয়াল বুলি ভাবিব নোৱাবি। বেলিৰ পোহৰ পাতলি াআহি জোনৰ জেউতিত মিলাৰ দৰে, এই কালছোৱাতে পদ্য সাহিত্যই ধৰ্ম্ম-ভাবৰ গভীৰতা লাহে লাহে এৰি দি, সেই একে ৰচনা- ৰীতিৰ চৰিত-পুথি, বংশাৱলী আদিৰ ভিতৰেদি এফালে যেনেকৈ দিনটীয়া বৈষয়িক জীৱনৰ হাব-ভাবৰ মাজত সোমালহি, এইদৰে,