কামৰূপীয় ভাষাত ৰচিত বুদ্ধৰ দোহাৱলী আৰু কানাই বাৰমাহী গীত আদি অনেক মৌখিক সাহিত্যও সেইবোৰ ঠাইৰ কাষৰে-পাঁজৰে এতিয়ালৈকে চলি আছে।
“মণিকোঁৱৰ”, “ফুলকোঁৱৰ”ৰ গীত অসমীয়াত এতিয়ালৈকে বিশেষভাৱে প্ৰচলিত। “শঙ্কৰদেৱ ৰজাৰে পুতেক মণিকোঁৱৰ”—এই শঙ্কলদেৱ আৰু শঙ্কলাদিৱ ৰজাই চতুৰ্থ শতিকাত বিখ্যাত গৌড় নগৰ স্থাপন কৰোঁতা বুলি প্ৰসিদ্ধ; গতিকে, এই গীত দুটিও আদিতে শঙ্কলাদিৱ ৰজাৰ ২।৩ পুৰুষৰ ভিতৰত খ্ৰীষ্টীয় পঞ্চম কি ষষ্ঠ শতিকাত, ওপজা বুলি ধৰিব পাৰি। ইয়াৰ উপৰিও, অসমীয়া ধাই নাম, আই নাম, ল’ৰা-ওমলা নাম, গৰখীয়া নাম, বিয়া নাম, যোজনা-ফকৰা, তন্ত্ৰ-মন্ত্ৰ আদিৰ ভালেখিনি হয়তো এই কালতে পোনতে ওলাইছিল।
কিন্তু কি ডাকৰ বচন, কি ফুলকোঁৱৰ-মণিকোঁৱৰব গীত, বা আই-নাম, বিয়া-নাম, এইবোৰ প্ৰায় একোতে আমি সেই কালৰ অসমীয়া ভাষাৰ চানেকি নাপাওঁ। আগৰ কালৰ বেদৰ শ্লোকবোৰৰ দৰে, বংশ-পৰম্পৰাত এই মৌখিক সাহিত্যই মানুহৰ মুখে মুখে পৰিৱৰ্তন আৰু পৰিৱৰ্দ্ধন লাভ কৰি বৰ্ত্তমান গঢ়ত থিত লৈছে। সেই দেখি এই সাহিত্য- বোৰ আমি অতি পুৰণি অসমীয়াৰ নিখুঁত চানেকি বুলিব নোৱাৰোঁ।
কামৰূপ-কমতাৰ ৰজা দুৰ্ল্লভনাৰায়ণৰ ৰাজত্বত ত্ৰয়োদশ শতিকাৰ পিছৰ ভাগত ৰচা কবি হেম সৰস্বতীৰ “প্ৰহ্লাদ-চৰিত্ৰ' আৰু হৰিবৰ বিপ্ৰৰ সংস্কৃত অশ্বমেধ-পৰ্ব্বৰ অসমীয়া ভাঙনি, কবিৰত্নৰ জয়দ্ৰথ-বধ” পুথিয়েই হয়তো প্ৰথম অৱস্থাৰ অসমীয়া লিখিত সাহিত্য। এওঁলোকৰ পিছত, চতুৰ্দশ শতিকাৰ শেষ ভাগলৈ বৰাহী ৰজা শ্ৰীমহামাণিক্যৰ আদেশত মাধৱ কন্দলিয়ে সংস্কৃত সাতকাণ্ড ৰামায়ণ অসমীয়ালৈ