পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

১৪৮ ডিম্বেশ্বৰ নেওগ

কামৰূপীয় ভাষাত ৰচিত বুদ্ধৰ দোহাৱলী আৰু কানাই বাৰমাহী গীত আদি অনেক মৌখিক সাহিত্যও সেইবােৰ ঠাইৰ কাষৰে-পাঁজৰে এতিয়ালৈকে চলি আছে।

  “মণিকোঁৱৰ”, “ফুলকোঁৱৰ’ৰ গীত অসমীয়াত এতিয়ালৈকে বিশেষভাৱে প্ৰচলিত। “শঙ্কৰদেৱ ৰজাৰে পুতেক মণিকোঁৱৰ”—এই শঙ্কলদেৱ আৰু শঙ্কলাদিৰ ৰজাই চতুর্থ শতিকাত বিখ্যাত গৌড় নগৰ স্থাপন কৰোঁতা বুলি প্ৰসিদ্ধ ; গতিকে, এই গীত দুটিও আদিতে শঙ্কলাদিৱ ৰজাৰ ২।৩ পুৰুষৰ ভিতৰত খ্রীষ্টীয় পঞ্চম কি ষষ্ঠ শতিকাত, ওপজা বুলি ধৰিব পাৰি । ইয়াৰ উপৰিও, অসমীয়া ধাই নাম, আই নাম, ল’ৰা-ওমলা নাম, গৰখীয়া নাম, বিয়া নাম, যোজনা-ফকৰা, তন্ত্র-মন্ত্ৰ আদিৰ ভালেখিনি হয়তাে এই কালতে পােনতে ওলাইছিল ।

  কিন্তু কি ডাকৰ বচন, কি ফুলকোঁৱৰ-মণিকোঁৱবব গীত, বা আই-নাম, বিয়া-নাম, এইবোৰ প্ৰায় একোতে আমি সেই কালৰ অসমীয়া ভাষাৰ চানেকি নাপাওঁ । আগৰ কালৰ বেদৰ শ্লোকবোৰৰ দৰে, বংশ-পৰম্পৰাত এই মৌখিক সাহিত্যই মানুহৰ মুখে মুখে পৰিৱৰ্তন আৰু পৰিৱৰ্দ্ধন লাভ কৰি বৰ্ত্তমান গঢ়ত থিত লৈছে। সেই দেখি এই সাহিত্য- বােৰ আমি অতি পুৰণি অসমীয়াৰ নিখুঁত চানেকি বুলিব নোৱাৰোঁ।

  কামৰূপ-কমতাৰ ৰজা দুর্ল্লভনাৰায়ণৰ ৰাজত্বত ত্রয়ােদশ শতিকাৰ পিছৰ ভাগত বচা কবি হেম সৰস্বতীব “প্ৰহ্লাদ-চৰিত্র' আৰু হৰিবৰ বিপ্ৰৰ সংস্কৃত অশ্বমেধ-পৰ্ব্বৰ অসমীয়া ভাঙনি, কবিৰত্নৰ জয়দ্রথ-বধ” পুথিয়েই হয়তো প্রথম অৱস্থাৰ অসমীয়া লিখিত সাহিত্য। এওঁলােকৰ পিছত, চতুর্দশ শতিকাৰ শেষ ভাগলৈ বৰাহী ৰজা শ্ৰীমহামাণিক্যৰ আদেশত মাধৱ কন্দলিয়ে সংস্কৃত সাতকাণ্ড ৰামায়ণ অসমীয়ালৈ