পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

মিলাৰামৰ আত্মজীৱনী

  এইকেইটা কাৰণৰ বাৰে মোৰ জীৱন-চৰ্বিত মই নিজে লেখিলোঁ। —(১) মোৰ মিতিৰ বা কুটুম লেখত তিনিজন। পোন প্ৰথমতে ঘৈণীৰ ফালৰ, তাৰ পিছত আইৰ ফালৰ, আৰু তাৰ পিছত সকলোৰে শেহত বোপাইৰ ফালৰ। তিনিওজনবপবা তিনি দিনৰ অন্তৰে অন্তৰে তিনিখন তিনিপতীয়া সুকীয়া চিঠি পাইছোঁ। তাৰ মৰ্ম্মটো এই ঃ “আপুনি যদি আপোনাব অতি বিচিত্ৰ জীৱন-চৰিত্ৰ স্বহস্তে লেখি মানুহৰ কুশলৰ অৰ্থে প্ৰকাশ কৰে, তেন্তে আপোনাৰ গালৈ চাই কৈছোঁ, নিশ্চয় আমি আপোনাৰ লেখা পঢ়িম।”

  (২) মোৰ জীৱনৰ আৰ্হি লৈ বাট বুলি বহুতে মোৰ নিচিনা ডাং ডাং-ডাংঅৰ হ’ব পাৰিব!

 (৩) কলি-কলীয়া মানুহ যেনে অধৰমী, মোৰ জীৱন চৰিত্ৰ মই নিজেই লেখি থৈ নগ'লে, কোনেনো ধৰ্ম্মক লক্ষ্য কবি পাছে লেখিব দেও হে?

 (৪) পুণ্যবান মানুহৰ চৰিত্ৰ ভক্তিভাৱে পাঠ কৰিলে “পুইন” হয় আৰু ক'ব দিয়া যদি, বেয়া নোপোৱা যদি, ক’ব পাৰোঁ যে মোৰ এই জীৱন-চৰিত কণা মানুহৰ বিত চকু, খোৰাৰ কঠুৱা ভৰি, কুঁজাৰ পিঠিৰ থিয়-কিল, খহুৱাৰ খহুৰ দৰব, খৰীয়াৰ খজুৱতি, নখ-চুকীয়াৰ বেতৰ বকটু, আৰু আঙুলি পানীয়ে খোৱাৰ তুলা আৰু পাণ-জেতুকা।

  অসমত আমাৰ ঘৰ মানুহ, পাটকাই পৰ্বতৰ সমান পুৰণি, জয়সাগৰৰ দ’লটোৰ সমান ওখ, শিৱসাগৰ-পুখুৰীটোৰ সমান ডাঙৰ, আৰু পপীয়াতৰাটোৰ সমান উজ্জ্বল।