পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

  আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ পাতনি ১৪৭

এছিয়া মাইনৰ, তুৰ্কীস্থান, দক্ষিণ ৰুছিয়া, হাঙ্গেৰী, পঞ্জাব, দক্ষিণ ছাইবৰিিয়া, আন কি, সুমেৰু প্ৰদেশ আদি, আদিম আৰ্য্য-বসতিৰ কীৰ্ত্তি-স্থল বুলি নানা মুনিৰ নানা মত হলেও, মাজ-এছিয়াই সেই ঠাই বুলি ধৰি এনে মত প্ৰকাশ কৰা হয়। ঘাই কথা, অসমলৈ যে আৰ্য্য- সুঁতি এটি ভাৰতৰ আন বহুত প্ৰদেশতকৈ আগতে আহিছিল, এই মত নিৰ্ব্বিবাদী-সন্মত যেন লাগে, আৰু ৰামায়ণ, মহাভাৰত আৰু পুৰাণ- প্ৰসিদ্ধ ‘প্ৰাগ্জ্যোতিষপুৰ’, ‘কামৰূপ' নামে এই মতত বল দিয়ে।

  চীন দেশৰ প্ৰসিদ্ধ পৰিব্ৰাজক-সম্ৰাট হিৱেনচাঙব ভাৰত-ভ্ৰমণৰ কাল আৰু কামৰূপেশ্বৰ কুমাৰ ভাস্কৰবৰ্ম্মাৰ ৰাজ্যৰ ভাষাৰ বিষয়ে তেওঁৰ মন্তব্যকে অসমীয়া ভাষা আৰু সাহিত্যৰ প্ৰথম বুৰঞ্জীমূলক—সেই বাবে অবিবাদী আৰু বিশ্বাসযোগ্য—পোহৰ-খুটি বুলি গ্ৰহণ কৰা হয়। কিন্তু দেখা-দেখিকৈয়ে, অসমীয়া ভাষা, হয়তো সাহিত্যও, অন্ততঃ ইয়াৰ শ-চেৰেক বছৰৰ আগৰেপৰা যে আছিল, অসমীয়া ভাষা আৰু সাহিত্যৰ সেয়েযে নিশ্চয় আদি-কাল নহয়, সেই যাত্ৰী-সমাটে কামৰূপৰ ভাষাক ‘মাজভাৰতৰ ভাষাতকৈ অলপ লৰ' বোলা কথাই ঘূৰি প্ৰমাণ কৰে।

  অসমীয়াৰ আদি কবি আৰু তেওঁৰ নামত প্ৰচলিত ৰচনাৱলীকে অসমীয়া ভাষা আৰু সাহিত্যৰ প্ৰথম লখিমী বুলি বহুতে সেইকাল যষ্ঠ শতিকালৈ হেঁচুকবি খোজে; কিয়নো, যেনেকৈয়ে হওক ডাকৰ নামৰ লগত, বিক্ৰমাদিত্যৰ নৱৰত্নৰ এজন, বৰাহমিহিৰৰ নাম জোঁটা আছে। এই ৰচনাৱলী বৰ্ত্তমানো উত্তৰ-বঙ্গৰ অনেক ঠাইত প্ৰচলিত আছে; কাৰণ, সেই কালত কামৰূপ ৰাজ্যৰ, সেই দেখি কামৰূপীয় বা অসমীয়া ভাষাৰ, বিস্তৃতি বৰ্ত্তমানৰ জকাইচুক অসম প্ৰদেশৰ উপৰিও, গোটেই উত্তৰ বঙ্গ আৰু বেহাৰৰ পূৰ্ণিয়া জিলালৈকে আছিল। আদিতে