পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

  আধুনিক অসমীয়া সাহিত্যৰ বৰঞ্জীৰ পাতনি ১৪৫

পেলালে। অথচ অসমীয়া ভাষাৰ গুৰি-গছ লৈয়ে লোকৰ শঙ্কা উপস্থিত হ’ল। এইদৰে জাতীয় জীৱনত কোনোমতে ঢলিয়াই-কলিয়াই উঠি অসমীয়াই, লগৰীয়া আন প্ৰাদেশিক ভাষাবোৰে আধুনিক সাহিত্যৰ ভেটি ভালকৈ বান্ধি লৈ বহা কালত, নিজ ভাষা আৰু সাহিত্যৰ জীৱন, কালৰ গৰাহৰপৰা ৰক্ষা কৰিবলৈ চাবৰ সময় পৰিল! শিৰ- ফুটা অসমীয়া ভাষাই নিজক পাবত গজা নহয় বুলি লোকৰ আগত প্ৰমাণ দিব লগা হ'ল।

  গ্ৰীক, লেটিন্ আদি বাই-ভনীহঁতৰ দৰে, সংস্কৃতো ইণ্ড-য়ুৰোপীয় বা আৰ্য্য পৰিয়ালৰ এটি প্ৰধান ভাষা। আকৌ হিন্দী, মাৰাঠী, গুজৰাটী আদি ভাৰতীয় আন আন প্ৰাদেশিক ভাষাৰ দৰে, অসমীয়াও সেই একে সংস্কৃত মূলৰপৰা ওলোৱা এক ঘাই ভাষা। কিন্তু এইবোৰ ভাষাৰ এটিয়েও সংস্কৃতৰপৰা পোনে পোনে নোলাই, পালি, প্ৰাকৃত আদি ভাষাৰ ভিতৰেদি বৰ্তমান ৰূপ পাইছে, এয়ে পণ্ডিতসকলৰ মত। অসমীয়া ভাষা, মাগধী, পৈশাচী আদি অষ্টাদশ প্ৰাকৃতৰ কোন গঢ়ৰপৰা ওলাইছে, এই বিষয়ে কোন স্থিৰ সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই।

  কিন্তু ভাষাবিদ্সকলৰ বিচাৰত ভালেখিনি নিগুটি অসমীয়া শব্দ ওলাইছে, সেইবোৰ বৈদিক সংস্কৃত, কিয়, তাতোকৈ আগৰ কালৰ আৰ্য্য ভাষাতহে পোৱা হয়। ভাষাবিদসকলৰ মতে প্ৰাক্ বৈদিক আৰু বৈদিক সংস্কৃত কালৰ শেষ সীমা, ক্ৰমে খ্ৰীঃ পূঃ ১৫০০ আৰু ১২০০ বছৰ। এওঁলোকৰ কোনো-কোনোৰ মতে, বৰ্ত্তমান ভাৰতীয় প্ৰাদেশিক ভাষাবোৰৰ জন্ম এই প্ৰাক্ বৈদিক্ যুগতে হোৱাও অসম্ভৱ নহয়। আন --১০