পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

১৪২   ডিম্বেশ্বৰ নেওগ

তেওঁলোকক হক-পৰামৰ্শ দিওঁতা অসমীয়াৰ কোনো সম্ভ্ৰান্ত বিজ্ঞ লোক নাছিল দেখি, মেলত নথকা যাব পো, সি গুধীয়া হ'ল; এই ঠেক-মনা লোকসকলৰ লগনীয়া কথাই ৰজিলগৈ, আৰু ১৮৩৬ চনত গিৰিহঁতনী অসমীয়া ভাষাক নিজ বৰ ঘৰৰ ভিতৰত, আদালত আৰু পঢ়াশালিৰ- পবা খেদাই চাপনী বঙলা ভাষা খলি পুতি মৰ-কামোৰ ধৰি বহিল।

  একালৰ শিৰ-ফুটা অসমীয়া ভাষাই এইদৰে পাবত গজা নাম পাই নতুন ৰজাৰ ঘৰৰ বৰ-সবাহ শুধি-সবাহৰো মিথৈ-কলৰ ভাগ নাপাব, এই কথা শুনাত বুঢ়ী-আইৰ সাধু যেন লাগিলেও, প্ৰকৃততে সেয়ে হৈছিল। গিৰীহঁতনীয়ে এইদৰে বান্দীৰ ঠাই পাই যি ৰোহ-ঘৰত সোমাল, সোমালেই; তেওঁৰ এই ওঁঠ লৰোৱা, বা আগ বাঢ়ি আহি ’হোঁ কটা’ বোলা অসমীয়া তেতিয়া কেইজন ওলাইছিল, সেই বিষয়ে অৱশ্যে ‘বুৰঞ্জী নিমাত’ বুলিব লাগিব। তাৰ পিছতো, ভাৰতৰ সকলো স্থানীয় গৱৰ্ণমেণ্টে আন ভাষাৰ সলনি পঢ়াশালি, আদালত আদিত মাতৃভাষা চলাব লাগে বুলি ১৮৩৭ চনৰ ২৯ নম্বৰ আইন গৃহীত হ’ল; কিন্তু বঙলাই অসমীয়াৰ ’সাধু ভাষা' বুলি পূৰ্ব্বৰ বিধানৰ এফেৰিও লৰচৰ নহ’ল।

  এই আপদীয়া ঘটনাৰপৰাই ভৱিষ্যত অসম, অসমীয়া ভাষা আৰু সাহিত্যৰ কি যুগমীয়া ক্ষতি হ’ল, সি কোন কাহানি পূৰণ হ'ব, সতকাই কোৱা টান। অসমীয়া ভাষাই মাজ-কঁকালত এইটো যি দমকা খালে তাৰ জইন্ সহজে নমৰিছে; আৰু তাৰ লগে লগে, যি অসমীয়াক এইদৰে বুকু চাই কামোৰ মাৰিলে, তেওঁলোকৰো গুণী অসমীয়াই এতিয়াই পাহৰিব নোৱাৰিছে অথন। এই বিধানৰ ফলত, এফালে যেনেকৈ এই স্বাৰ্থানেষীহঁতে অসমীয়া ভাষাত দাঁত বহুওৱা বৃথা চেষ্টাৰ