পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

  আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ পাতনি ১৪১

আদি আটাইকে আকৌ বৃত্তি, বিষয়-বাসনা, মাটি-ভেটি দি তেওঁ- লোকে নকৈ পাতি নিজ উদাৰতাৰ চিনাকি দিলে। ইফালেও, থলুৱা অসমীয়া ভাষাক ন পঢ়াশালি আৰু আদালতত নিজ প্ৰাপ্য স্থান দি মাতৃভাষাৰ প্ৰতি স্বাভাৱিক আদৰ, সম্মান আৰু শ্ৰদ্ধা দেখুৱালে। এনে নানা সজ কামেৰে তেওঁলোকে অসম দেশৰ উপৰিও অসমীয়াৰ হৃদয়-ৰাজ্য অধিকাৰ কৰিলে।

  অসমীয়াৰ কি কপালৰ ফেৰ! দুদিনৰ পিছতে এই শাসন-কৰ্ত্তা সকলৰ মতিগতি সলনি হ'ল। পোনতে অসমত কাম চলাবলৈ ইংৰাজী জন৷ বিষয়া আদি পোৱা টান হ’ব বুলি কোম্পানীৰ বিষয়াসকলে বঙলা দেশৰপৰা জীৱিকা বিচৰা কিছুমান বঙালীক কাকতী কৰি লগত আনিছিল। অলপ কালৰ ভিতৰতে, গোজেই গছ হোৱাৰ দৰে এই কাকতীহঁতেই কাকতী-ফৰিং হৈ অসমৰ ধাননি ঢাকি পৰিবৰ উপক্ৰম কৰিলে। একে সংস্কৃত মূলৰপৰা ওলোৱা দুই ভাষাৰ কিছুমান শব্দৰ মিল দেখি, আৰু তাৰ বাহিৰে ব্যাকৰণমূলক সম্বন্ধ আৰু দেশজ শব্দবোৰৰ অৰ্থ কৰিবলৈ পৰাঙ্মুখ হৈ, হঠাৎ তেওঁলোকে এক সিদ্ধান্তলৈ আহিল, আৰু এনে সিদ্ধান্তলৈ অহাত তেওঁলোক সদায় নপতা ফুকন,- ‘অসমীয়া ভাষা বঙলাৰ এটা চহা অৱস্থাহে! গতিকে ই শিক্ষা-প্ৰচাৰ আৰু আদালতৰ ভাষা হ'বৰ অলায়ক!!“

  অসমীয়া ভাযাৰ এই ন ওজাসকলে এই ন মত আৰু সঙ্কীৰ্ণ স্বাৰ্থ ‘বাহাল’ ৰাখিবৰ বাবে আজি এষাৰ, কাইলৈ দুষাৰকৈ, ইংৰাজ বিষয়াসকলৰ কাণত এনে দুৰভিসন্ধিৰ মত-ৰূপ হলাহল ঢালিবলৈ ধৰিলে। শাসকসকলৰ তেতিয়া অসমীয়া ভাষাৰ জ্ঞান তেনেই অপঁইতা দেখি, শিয়ালৰ কাণত মঙহৰ ভাৰ পৰিলে যি হয়, সেয়ে হ'ল।