পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ পাতনি ১৩৯

মাঘলৈকে (৬ফেব্ৰুৱাৰী, ১৮২৫) নিয়মিতকৈ (৩ বছৰ, ১০ মাহ,১৯ দিন) অসমত মানৰ দিন। মান সেনাপতি মিঙ্গিমাহা তিলুৱা আহি পোনছাটেই যোৰহাট অধিকাৰ কৰি, যোগেশ্বৰসিংহক নামত ৰজা পাতি, নিজে দেশ চলাবলৈ বা লুৰুকিবলৈ ধৰিলে। এইবাৰ অসমীয়া ৰাইজৰ দুখ-দুৰ্গতি মৰাণৰ উৎপাততকৈও হাজাৰ গুণ বাঢ়িল, প্ৰজাৰ বিলৈত পানীত হাঁহ নচৰা হ'ল।

  অসম অধিকাৰ কৰি মানহঁতে ইমান আশৈ পালে যে, এইপিনে গৈ শ্ৰীহট্টত সিহঁতে ইংৰাছৰ ছাহাপুৰ নামে ঠাই আক্ৰমণ কৰিলে, অব তেতিয়া ইংৰাজৰ তলতীয়া গুৱালপাৰা জিলাত কোনো মান- ভগনীয়া অসমীয়াক ঠাই নিদিবলৈ ইংৰাজক সতৰ্ক কৰি দিলে। এনে অনধিকাৰ চৰ্চ্চাৰ বাবে লৰ্ড আম্হাৰ্ষ্ট আদেশ অনুসৰি সেনাপতি স্কটে শ্ৰীহট্টত মান সেনাৰ লগত যুঁজ পাতি সিহঁতক সমূলে ঘটুৱায়। ইফালে মেক্ফাৰ্ছনে এদল সৈন্য লৈ ব্ৰহ্মপুত্ৰইদি উজাই আহি মানক ক্ৰমে গুৱাহাটী, কলিয়াবৰ আৰু যোৰহাটৰপৰা খেদে। মানহঁত উজনিৰ ৰংপুৰৰ ফালে পলাই যাওঁতে গৌৰীসাগৰতে ধৰা পৰে, আৰু ইংৰাজৰ লগত যুঁজত একেবাৰে ঘাটি খায়। আকৌ ছাব্ আৰ্ছিবেল কেম্বেলে ডনাবু অধিকাৰ কৰি বহ্মদেশ জয় কৰে।

  এনেবোৰ বিপৰ্যয়ত ব্ৰহ্মদেশৰ ৰজাই য়াণ্ডাবু নামে ঠাইত বাধ্য হৈ ইংৰাজৰ লগত সন্ধি কৰে। এই সন্ধিৰ ছৰ্ত্ত মতে, মান ৰজাই আৰাকান, মাৰ্ত্তাবান, টেনাচেৰিম, আৰু লগতে অসম দেশো, ১৮২৬ ছনৰ ২৪ ফেব্ৰুৱাৰীত, ইংৰাজৰ হাতত শোধায়। কিন্তু, প্ৰকৃততে ১৮২৫ ছনৰ ৭ ফেব্ৰুৱাৰীৰপৰাই স্কট্ ছাহাবৰ যোগে ১৭৫৪ শকৰ চ'ত মাহৰ শেহ- লৈকে (৮ বছৰ, ২ মাহ ৯ দিন) গোটেই অসম ইংৰাজৰ তলত থাকে।