পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

১৩৮ শ্ৰীডিম্বেশ্বৰ নেওগ

সীমা নোহাৱা হ’ল আৰু মোৱামৰীয়াৰ উৎপাতো দুগুণে বাঢ়িল। এইদৰে প্ৰায় এই একুৰি পাঁচ বছৰ কাল, প্ৰজাৰ সুখ-সম্পদ যি হেৰালেই মৰাণৰ উৎপাতত মানুহে হাবিয়ে-বনে পলাই, গছৰ ফল-মূল খাই প্ৰাণ ধাৰণ কৰিবলৈ তৎ নাপালে। শেষত জানিবা (ফেব্ৰুৱাৰী, ১৭৯৪) ইংৰাজ সৈন্যত শৰণ মাগি সেই উৎপাত দমোৱা হ’ল, আৰু এই সন্ধিৰ ফল স্বৰূপে ইংৰাজৰ লগত অসম প্ৰথম মিত্ৰতা-ডোলত মেৰ খালে।

  গৌৰীনাথসিংহ ঢুকোৱাৰ (১৯ ডিচেম্বৰ, ১৭৯৪) পিছত ক্ৰমে কমলেশ্বৰসিংহ (১৭৯৫-১৮১০) আৰু চন্দ্ৰকান্তসিংহ (১৮১০-১৮১৮) অসমৰ ৰজা হয়। ইয়াৰ ভিতৰতে ৰাজ্যত গৃহ-কন্দল অতিকৈ চৰে, আৰু তাৰে এপক্ষৰ বদন ববফুকনে সিপক্ষৰ ওপৰত পোটক তুলিবলৈ, ভাৰতবৰ্ষৰ তেতিয়াৰ গবৰ্ণৰ-জেনেৰেল লৰ্ড আম্হাৰ্ষ্টৰ সহায় বিচাৰে। তাত বিমুখ হৈহে ১৭৩৮ শকৰ ফাগুনত মান-সৈন্য লৈ বদনে অসমৰ বুকুত ভৰি দিয়েহি।

  এওঁৰে দিহামতেই এইবাৰ ৰজা চন্দ্ৰকান্তই মানৰ লগত মিতিৰালি পাতে, আৰু ১৭৩৯ শকৰ ব'হাগৰ শেষত মান ৰজালৈ এগৰাকী আহোম গাভৰক বিয়া দিয়ে। এই শকৰে শাওণলৈ হত্যাকাৰী ৰূপ- সিঙৰ হাতত বদনে প্ৰাণ এৰে, আৰু ফাগুনৰ ১৩ দিন যোৱাত চন্দ্ৰকান্তক ৰজা ভাঙি পুৰন্দৰসিংহক ৰজা মানি সকলোৱে সেৱা কৰে। এই বাতৰি শুনি খঙত একো-নাই হৈ ১৭৪০ শকৰ ফাগুনত দুনাই মান আহি চন্দ্ৰকান্তক আকৌ আহোমৰ সিংহাসনত বহুৱায়।

  এইদৰে দুবাৰকৈ লাই পাই, অসমত সিহঁতৰ ইমান নতা লাগিল যে, দেখাদেখিকৈয়ে অসম জয় কৰিবলৈ বুলি ১৭৪২ শকৰ ৩ চ'তত তৃতীয়বাৰ মান অসম সোমালহি। এই দিনৰপৰ। ১৭৪৬ শকৰ ২১