সমললৈ যাওক

পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ পাতনি


  ইংৰাজ আমোলৰ আৰম্ভণেই কেউপিনে, আধুনিক অসমৰ দৰে আধুনিক অসমীয়া সাহিত্যৰো সূচনা কৰে। মহাৰাজ ৰাজেশ্বৰসিংহ ৰাজপাটত বহা কালছোৱা ( ১৭৫১-১৭৬৯ ) স্বৰূপতে আহোম ৰাজত্বৰ আবেলি বেলা। তাৰ আগৰেপৰা অসমৰ স্বাধীনতাৰ বেলি লহিয়াবলৈ ধৰে। ওপৰে ওপৰে চালে, এওঁৰ ৰাজত্ব প্ৰজাৰ ভিতৰুৱা সুখ-সম্পদ আৰু স্থিৰতাৰ কাল; বাহিৰৰ কোনো উৎপাত আৰু ভিতৰৰ একো খোৱা-কামোৰা এইছোৱা কালত নাই। কিন্তু, অলপ ভালকৈ ফঁহিয়াই চালে, এই কালৰ ভিতৰতে অসমীয়াৰ জাতীয় দেহত জৰা আৰু মৰণৰ বীজ দেখিবলৈ পোৱা হয়। তেতিয়াই আহোমসকলৰ পূৰ্ব্বপুৰুষৰ সেই বল-শক্তি, যুঁজৰ হেঁপাহ আৰু জাতীয় অনুৰাগ নোহোৱা হ'ল; আৰু কেনেবাকৈ তেনে চিন্তা আৰু কামৰপৰা আঁতৰি থাকিবলৈ পালেই ৰক্ষা পোৱা যেন হ’ল।

  ইফালে, সামাজিক কোনো কাৰণৰপৰা ৰাজশক্তিৰ বিৰুদ্ধে মায়া- মৰা বা মোৱামৰীয়া গোঁসায়ে যি অসন্তোষৰ ভাব আন্তৰত পুহিছিল, ভিতৰি তেওঁৰ শিষ্যবৰ্গৰ মাজত সি বেগাই বিয়পিবলৈ ধৰিলে। ইয়াৰ শেষ পৰিণতিৰূপে এওঁৰ ৰাজত্বৰ সামৰণি ভাগলৈ, সামান্য এটি চেলু লৈয়ে বিখ্যাত মোৱামৰীয়া বিদ্ৰোহৰ মূৰ মুকলি হ'ল।

  এওঁৰ পিছত ক্ৰমে লক্ষ্মীসিংহ (১৭৬৯-১৭৮০) আৰু গৌৰীনাথ- সিংহ (১৭৮০-১৭৯৫) আহোমৰ ৰাজপাটত বহে! ঘাইকৈ, এই পিছৰজন অতি অলায়ক ৰজা আছিল, এওঁৰ কালতে প্ৰজাৰ দুখ-দুৰ্গতিৰ