পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শ্ৰীবেণুধৰ শৰ্ম্ম।

দি নমৰোৱা হ'লে, “ভাই-ৰজাই“ ভাই-ৰজাৰ’ দেশখন এনেকৈ লণ্ডভণ্ড নকৰিলেহেতেন।

  বদনে যদি সজ উদ্দেশ্যেৰে বিদেশীক বৰঘৰ সুমাওঁতে, বৰঘৰৰ গিৰিহঁত হৈ থকাসকলে যি হাতে আদা ৰুইছিল, সেই হাতেৰেই ঠেঙুলি ভাঙিবলৈ দিলেহেতেন, অসমৰ স্বাধীনতা কেতিয়াও লুপ্ত হ’বলৈ নেপালেহেতেন। আমি ভ্ৰান্ত ধাৰণাৰ বশৱৰ্ত্তী হৈ বদন বৰফুকনক দেশদ্ৰোহী পাতিলে ন’হব; যিজনৰ এদনীয়া ক্ষমতাই এনেকৈ বদনচন্দ্ৰ বৰফুকনক দেশদ্ৰোহৰ বৈতৰণী নৈত মেলিলে সেইজনক হে দেশ- দ্ৰোহী বুলিব লাগিব।

শ্ৰীবেণুধৰ শৰ্ম্মা