পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দেশদ্ৰোহী কোন—বদন নে পূৰ্ণানন্দ ১৩৫

দিয়া লোকৰ প্ৰাণ-দণ্ডই সমুচিত প্ৰায়শ্চিত্ত--এই বিধি অসম-ৰজাৰ আমোলত এদিনীয়া নহয়। গণতন্ত্ৰ বিৰোধীদলক নিধন কৰি বৰফুকন বদনচন্দ্ৰই দেশত শান্তি স্থাপন কৰিছিলেই। কিন্তু, ১৭৩৮ শকৰ চ’তৰ ১ দিন যোৱাত বৃহস্পতিবাৰে বিহ খাই বুঢ়াগোহাঞ্চি মৰাৰ পিছতে শাওণলৈ বৰফুকনক মৰোৱা হ’ল।

  বুঢ়াগোহাঞি মৰাৰপৰা বৰফুকনক মৰোৱালৈকে—এই চাৰিমাহ বুঢ়াগাহাঞি পৰিয়ালৰ বা তেওঁবিলাকৰ লগত উজান দিওঁতাসকলৰ বাহিৰে সকলোৱেই শান্তি লাভ কৰিছিল— অন্ততঃ মানৰ উপদ্ৰৱ নোহোৱা শান্তি লাভ কৰিছিল।

  অইন কি, মান সেনা লৈ সোমোৱাৰ পিছতে, মন্ত্ৰী-ফুকন বদনে পূৰ্ণানন্দৰ পুতেক ৰুচিনাথক মন্ত্ৰী-বাবলৈ আহ্বান কৰিছিল। ইয়াৰ দ্বাৰায় স্পষ্টকৈ বুজিব পাৰি যে বদনৰ আক্ৰোশ আছিল কেৱল পূৰ্ণা- নন্দৰ ওপৰত হে। মানক দেশ দিয়াৰ অভিপ্ৰায় থকা হ'লে বুঢ়া- গোহাঞিৰ পুতেককে বুঢ়াগোহাঞি পদ নেযাচিলেহেঁতেন।

  বৰফুকনক মৰোৱা হ'ল, আপোন মানুহৰ হতুৱাই নহয়,—ৰূপসিং বঙালৰ হতুৱাই; দেখা দেখিকৈ নহয়-লুকাই-চুৰকৈ। অকল বঙালৰ হতুৱা মৰোৱায়েই যে এৰা হৈছিল এনে নহয়, ৰহমন্ খাঁ নামেৰে তুৰুক এটাৰ হতুৱাই মৰা শটোৰ ওপৰতো আকৌ ঘা মৰোৱা হৈছিল। এনে গাৰ নোম শিয়ৰোৱা অপমানৰ বাতৰি যেতিয়া বিদ্যুৎ-সঞ্চাৰে বহ্মদেশত প্ৰচাৰ হ’লগৈ তেতিয়া হে সুপ্ত সিংহৰ হাতোৰা মেল খাই আহিল। অচিৰেই অসম দেশ মান-অত্যাচাৰৰ দাৱাগ্নিত দগ্ধ হৈ পৰিল! বদন বৰফুকন জীয়াই থাকিবলৈ পোৱা হ'লে, নাইবা, তেওঁক অশেষ লাঞ্ছনা