পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৪
শ্ৰীবেণুধৰ শৰ্ম্মা

ঘটনাৰ আদ্যোপান্ত ঘাটি চালে বৰফুকনৰ গাত যিমানবোৰ কলঙ্কৰ চেকা সানি থোৱা হৈছে, সিমানবোৰ, বোধকৰোঁ, পূৰ্ণানন্দৰ ফালৰপৰা চালে, সানিব লগীয়া নহ'ব। বদন ববফুকনেই অসমলৈ পোনপ্ৰথমেই মান অনা নাছিল। ইয়াৰ অগেয়েও, এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰকৈ অসমলৈ মান আহিছিল। এই তিনিওবাৰেই তেওঁবিলাকে অসম-ৰজাৰ কাৰেঙৰপৰা মনেঅঁটা ভাৰ-ভেটী লৈ আমাৰ ৰজাৰ লগত ‘ভাই-ৰজা” সম্বন্ধ ৰাখি ক’তো বন এডাল নমৰাকৈ নিজৰ দেশলৈ গুচি গৈছিল। ৰজাৰ পুতেক ৰজা হোৱা আমাৰ দেশৰ নিয়ম; ৰজাক কাঠৰ পুতুলা যেনকৈ ৰাখি মন্ত্ৰীয়ে দেশ-শাসন কৰা নিয়ম নহয়৷ পূৰ্ণানন্দৰ অবাধ অত্যাচাৰৰ ফলত যেতিয়া ৰাজতন্ত্ৰৰ স্থিতি পঙ্ক-স্থিত বটবৃক্ষৰ দৰে হ’ল আৰু ৰাজমন্ত্ৰীৰ স্বেচ্ছাচাৰিতাই সকলোকে যেতিয়া তিতা লগাবলৈ ধৰিলে, তেতিয়া হে উপায়ান্তৰ নেদেখি “সপ্তম পুৰুষৰপৰা” স্বৰ্গদেৱক সেৱা কৰি অহা ৰঙচিলা দুৱৰাৰ ঘৰৰ বদনচন্দ্ৰ বৰফুকনে বিদেশী অথচ “ভাই-ৰজাৰ’’ আশ্ৰয় ল'বলৈ বাধ্য হ'ল।

 নিজ দেশব ৰাজতন্ত্ৰ পবিৱৰ্ত্তন কৰিবলৈ পৰদেশীৰ যে আশ্ৰয় ল’ব লগীয়া হয়, সি বদন ফুকনৰ মান অনাতেই আৰম্ভ হোৱা নাই। জগতৰ বহুত জাতিৰ ভিতৰত, অন্ততঃ যিবোৰ জাতিয়ে বল-বিক্ৰমকে স্বত্ব বুলি ববে, সেইবোব জাতিৰ ভিতৰতে এনে কাৰ্য্যৰ সূচনা হৈ আহিছে। অৱশ্যে, সেই পৰদেশী আহি যদি দেশৰ ৰাজহাড় ভাঙি থৈ যায়হি, তেন্তে নিমন্ত্ৰণকাৰী নিতান্তই দেশদ্ৰোহৰ পাপত লিপ্ত হ'ব লাগিব। বদন চন্দ্ৰই মান আনিলে; আনি, নিজে মন্ত্ৰী-ফুকন পদ লৈ দেশৰ শত্ৰু কেইটাক হত্যা কৰোৱালে। জন্মভূমিৰ উমৈহতীয় স্বাৰ্থত পথালি