সমললৈ যাওক

পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৩
দেশদ্ৰোহী কোন—-বদন নে পূৰ্ণানন্দ।

স্খলন কৰিব নোৱাৰি। কিন্তু বিজেতাই বিজিতক হেয় ভাবেৰে দৃষ্টি কৰা স্বাভাৱিক। সেই বাবেই, নাইবা, বহুত দিন নামনি অসমডোখৰ মোগল আৰু কোচৰ অধীনত থকা বাবে হ’লেও, স্বৰ্গদেৱৰ ৰাজ্যত চামিল হৈ থকা প্ৰজাই সেই ফালৰ কিছুমান মানুহক অৱজ্ঞাৰ চকুৰে চাইছিল। সেই বুলি, বিশ্বাসী আৰু উপযুক্ত লোকক বৰুৱা, চৌধাৰী আদি ৰজাঘৰীয়া বিষয়বাব দি যে বিভূষিত কৰা নহৈছিল, এনে নহয়।

 সিপিনে কোচ, ইপিনে অসম আৰু দাঁতিত মোগলৰ লগত সকলো প্ৰকাৰৰ সম্বন্ধ ৰাখিব লগীয়া হোৱাত স্বাভাৱিকতে তেওঁবিলাকৰ চক্ৰান্তমূলক গতি-বিধিত ফুকনে তীক্ষ দৃষ্টি পেলাই থাকিব লগীয়া হৈছিল। এইবোৰ কাৰণৰ নিমিত্তেই বৰফুকন বাছক- বনীয়াসকলৰ বাহিৰে নামনি ফালৰ সাধাৰণ মানুহক বিশ্বাস নকৰিছিল। তদুপৰি সত্ৰাজিত, ভেলাই আৰু দন্দুৱা-দ্ৰোহৰ কথাও কোনেও পাহৰিব পৰা নাছিল। তথাপি পূৰ্ণানন্দ বুঢ়াগোহাঞে ৰাজ ক্ষমতাৰ বাঘজৰী হাতত লোৱাৰেপৰা “পানীমুৱাৰ খৰব” লৈকে যতবোৰ নৰবধ-পাপ কৰা হ'ল, তাৰ তুলনাত বদনচন্দ বফুকনৰ নামনি অসমৰ মানুহ মৰা কলঙ্কটিক চন্দ্ৰবদনৰ মৃগ-পহুৰ নিচিনা বুলিয়েই ক’ব পাৰি।

 “বদনচন্দ্ৰই মান আনি বৰঘৰৰ ভিতৰত ফেঁটী গোমসাপ মেলিলেহি।” বদনক সকলো দোষৰপৰা অব্যাহতি দিলেও এই গুৰুতৰ অপৰাধৰপৰা অব্যাহতি দিব নোৱাৰি; এইটোৱেই সক- লোৰে মনত বদ্ধমূল ধাৰণা। কিন্তু, মান সৈন্য অসমত প্ৰৱেশ কৰাৰপৰা বদচন্দ্ৰ বৰফুকনক অশেষ লাঞ্ছনা দি মৰোৱালৈকে